ছূৰা 24 · জুজ 18

An-Nur · 24:13

لَوْلَا جَاءُوا عَلَيْهِ بِأَرْبَعَةِ شُهَدَاءَ ۚ فَإِذْ لَمْ يَأْتُوا بِالشُّهَدَاءِ فَأُولَٰئِكَ عِنْدَ اللَّهِ هُمُ الْكَاذِبُونَ

সিহঁতে কিয় এই বিষয়ে চাৰিজন সাক্ষী উপস্থিত নকৰিলে? এতেকে যিহেতু সিহঁতে সাক্ষী উপস্থিত কৰা নাই, সেয়ে সিহঁতেই আল্লাহৰ ওচৰত মিছলীয়া।

তাফছীৰ

উম্মুল মুমিনীন আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ প্ৰতি মিছা অপবাদ জাপি দিয়া লোকসকলে সিহঁতৰ এই মহা অপবাদৰ সপক্ষে চাৰিজন সাক্ষী কিয় উপস্থিত নকৰিলে, যিসকলে সিহঁতৰ সপক্ষে সাক্ষ্য প্ৰদান কৰিলেহেঁতেন। যদি সিহঁতে চাৰিজন সাক্ষী উপস্থিত কৰিব নোৱাৰে (সিহঁতে কদাপিও নোৱাৰিব) তেন্তে আল্লাহৰ আদেশ মুতাবিক সিহঁত হৈছে মিছলীয়া।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক