ছূৰা 24 · জুজ 18

An-Nur · 24:12

لَوْلَا إِذْ سَمِعْتُمُوهُ ظَنَّ الْمُؤْمِنُونَ وَالْمُؤْمِنَاتُ بِأَنْفُسِهِمْ خَيْرًا وَقَالُوا هَٰذَا إِفْكٌ مُبِينٌ

যেতিয়া তোমালোকে এই কথা শুনিছিলা, তেতিয়া মুমিন পুৰুষ আৰু মুমিন নাৰীসকলে কিয় নিজৰ (মানুহবিলাক) সম্পৰ্কে উত্তম ধাৰণা পোষণ নকৰিলে আৰু এইটো নকলে যে, ‘এয়া এটা স্পষ্ট ভিত্তিহীন অপবাদ’?

তাফছীৰ

যেতিয়া মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলে এই মহা অপবাদটো শুনা পাইছিল, তেতিয়া তেওঁলোকে নিজৰ মুমিন ভাইসকলৰ প্ৰতি এনেকুৱা মিছা অপবাদ শুনি তেওঁলোকে কিয় বিশ্বাস পোষণ নকৰিলে যে, ইয়াৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই, তথা এইটো এটা স্পষ্ট মিছা অপবাদ?

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক