ছূৰা 2 · জুজ 1

Al-Baqarah · 2:94

قُلْ إِنْ كَانَتْ لَكُمُ الدَّارُ الْآخِرَةُ عِنْدَ اللَّهِ خَالِصَةً مِنْ دُونِ النَّاسِ فَتَمَنَّوُا الْمَوْتَ إِنْ كُنْتُمْ صَادِقِينَ

কোৱা, ‘যদি অন্যান্য মানুহৰ বাহিৰে আল্লাহৰ ওচৰত আখিৰাতৰ বাসস্থান কেৱল তোমালোকৰ বাবেই নিৰ্দিষ্ট তেন্তে তোমালোকে মৃত্যু কামনা কৰা, যদি তোমালোকে সত্যবাদী’।

তাফছীৰ

হে নবী! আপুনি কৈ দিয়ক, হে ইয়াহুদীসকল! যদি আখিৰাতত জান্নাত কেৱল তোমালোকৰ বাবেই সংৰক্ষিত আৰু তাত তোমালোকৰ বাহিৰে আন কোনেও প্ৰৱেশ কৰিব নোৱাৰিব তেতিয়াহলে তোমালোকে মৃত্যু কামনা কৰা, যাতে অতিসোনকালে তোমালোকে তাত প্ৰৱেশ কৰিব পাৰা লগতে পাৰ্থিৱ জীৱনৰ অসুবিধা আৰু চিন্তাৰ পৰাও সকাহ পোৱা। যদি তোমালোকৰ এই কথা সত্য তেন্তে মৃত্যু কামনা কৰা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক