ছূৰা 2 · জুজ 1

Al-Baqarah · 2:93

وَإِذْ أَخَذْنَا مِيثَاقَكُمْ وَرَفَعْنَا فَوْقَكُمُ الطُّورَ خُذُوا مَا آتَيْنَاكُمْ بِقُوَّةٍ وَاسْمَعُوا ۖ قَالُوا سَمِعْنَا وَعَصَيْنَا وَأُشْرِبُوا فِي قُلُوبِهِمُ الْعِجْلَ بِكُفْرِهِمْ ۚ قُلْ بِئْسَمَا يَأْمُرُكُمْ بِهِ إِيمَانُكُمْ إِنْ كُنْتُمْ مُؤْمِنِينَ

আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকৰ প্ৰতিশ্ৰুতি লৈছিলো আৰু তুৰ পৰ্বতক তোমালোকৰ ওপৰত উত্তোলন কৰিছিলো, (আৰু কৈছিলো) ‘যি প্ৰদান কৰিলো সেয়া দৃঢ়ভাৱে গ্ৰহণ কৰা আৰু (মনোযোগ সহকাৰে) শুনা’। সিহঁতে কৈছিল, ‘আমি শুনিলো আৰু অমান্য কৰিলো’, আৰু কুফৰীৰ কাৰণে সিহঁতৰ অন্তৰত দামুৰিপ্ৰীতি সোমোৱাই দিয়া হৈছিল। কোৱা, ‘যদি তোমালোকে মুমিন তেন্তে তোমালোকৰ ঈমানে তোমালোকক যি নিৰ্দেশ দিয়ে সেয়া কিমান যে নিকৃষ্ট!’

তাফছীৰ

তথা সেই সময়ক স্মৰণ কৰা, যেতিয়া আমি তোমালোকৰ পৰা দৃঢ় প্ৰতিশ্ৰুতি লৈছিলো যে, তোমালোকে মূছা আলাইহিছ ছালামৰ অনুসৰণ কৰিবা আৰু আল্লাহ প্ৰদত্ত চৰীয়তক আঁকোৱালী লবা। আৰু তোমালোকক ভয় দেখুৱাবলৈ আমি তোমালোকৰ ওপৰত তুৰ পৰ্বতক দাঙি ধৰিছিলো আৰু কৈছিলোঃ তাওৰাতক দৃঢ়ভাৱে ধাৰণ কৰা যিটো আমি তোমালোকক প্ৰদান কৰিছো। লগতে মানি লোৱা আৰু অনুসৰণ কৰাৰ উদ্দেশ্যে মনোযোগেৰে শুনা অন্যথা তোমালোকৰ ওপৰত আমি এই পৰ্বত পেলাই দিম। তেতিয়া তোমালোকে কৈছিলাঃ আমি কাণেৰে শুনিলো কিন্তু আমল কৰিবলৈ অস্বীকাৰ কৰিলো। দৰাচলতে সিহঁতৰ কুফৰীৰ কাৰণে সিহঁতৰ অন্তৰত দামুৰিৰ উপাসনাই শিপা মেলিছিল। হে নবী! আপুনি কৈ দিয়ক, যদি তোমালোক মুমিন তেন্তে এয়া তোমালোকৰ নিকৃষ্ট ঈমান, যি ঈমানে তোমালোকক আল্লাহৰ লগত কুফৰী কৰাৰ নিৰ্দেশ দিয়ে। কাৰণ প্ৰকৃত ঈমানৰ লগত কেতিয়াও কুফৰী সম্পৃক্ত থাকিব নোৱাৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক