ছূৰা 2 · জুজ 1
Al-Baqarah · 2:92
۞ وَلَقَدْ جَاءَكُمْ مُوسَىٰ بِالْبَيِّنَاتِ ثُمَّ اتَّخَذْتُمُ الْعِجْلَ مِنْ بَعْدِهِ وَأَنْتُمْ ظَالِمُونَ
আৰু নিশ্চয় মুছাই তোমালোকৰ ওচৰত সুস্পষ্ট প্ৰমাণসহ আহিছিল, তাৰ পিছতো তোমালোকে তেওঁৰ অনুপস্থিতিত দামুৰিটোক (উপাস্যৰূপে) গ্ৰহণ কৰিছিলা। বাস্তবিকতেই তোমালোক যালিম।
তাফছীৰ
নিশ্চয় মূছা আলাইহিছ ছালাম সত্য নবী হোৱাৰ স্পষ্ট নিদৰ্শন আৰু প্ৰমাণাদি লৈ তোমালোকৰ ওচৰত আহিছিল। আকৌ যেতিয়া মূছা আলাইহিছ ছালামে নিৰ্ধাৰিত সময়ত তেওঁৰ প্ৰতিপালকৰ লগত সাক্ষাত কৰিব গল, তেতিয়া তোমালোকে দামুৰি এটাক উপাস্য কৰি লৈছিলা। দৰাচলতে তোমালোকে আল্লাহৰ ইবাদতত আনক অংশীদাৰ কৰি মহা অন্যায় কৰিছিলা। অথচ একমাত্ৰ তেৱেঁই ইবাদতৰ যোগ্য তেওঁৰ কোনো অংশীদাৰ নাই।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক