ছূৰা 2 · জুজ 1

Al-Baqarah · 2:95

وَلَنْ يَتَمَنَّوْهُ أَبَدًا بِمَا قَدَّمَتْ أَيْدِيهِمْ ۗ وَاللَّهُ عَلِيمٌ بِالظَّالِمِينَ

কিন্তু সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতে কেতিয়াও এয়া কামনা নকৰিব; আৰু আল্লাহ যালিমসকলৰ বিষয়ে সম্যক জ্ঞানী।

তাফছীৰ

সিহঁতে কেতিয়াও মৃত্যু কামনা নকৰিব। কিয়নো জীৱনত সিহঁতে আল্লাহক অস্বীকাৰ, তেওঁৰ ৰাছুলৰ প্ৰতি মিথ্যাৰোপ আৰু তেওঁৰ পুথিসমূহ বিকৃত কৰাৰ দৰে আৰু বহুতো গুনাহ কৰিছে। আল্লাহে সিহঁতৰ মাজৰ আৰু আন সম্প্ৰদায়ৰ সকলো অন্যায়কাৰীকেই ভালদৰে জানে আৰু প্ৰত্যেককে তাৰ আমলৰ প্ৰতিদান দিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক