ছূৰা 2 · জুজ 1
Al-Baqarah · 2:86
أُولَٰئِكَ الَّذِينَ اشْتَرَوُا الْحَيَاةَ الدُّنْيَا بِالْآخِرَةِ ۖ فَلَا يُخَفَّفُ عَنْهُمُ الْعَذَابُ وَلَا هُمْ يُنْصَرُونَ
ইহঁতেই আখিৰাতৰ বিনিময়ত পৃথিৱীৰ জীৱনক কিনি লৈছে; সেয়ে সিহঁতৰ শাস্তি অকণো কমোৱা নহ’ব আৰু সিহঁতক সহায়ও কৰা নহ’ব।
তাফছীৰ
ইহঁতেই অস্থায়ী জীৱনক স্থায়ী জীৱনৰ ওপৰত প্ৰাধান্য দি পাৰ্থিৱ জীৱনক আখিৰাতৰ পৰিবৰ্তে বাচি লৈছে। গতিকে আখিৰাতত সিহঁতৰ অকণো শাস্তি লাঘৱ কৰা নহব। আৰু সেইদিনা সিহঁতৰ কোনো সহায়কো নাথাকিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক