ছূৰা 2 · জুজ 1
Al-Baqarah · 2:87
وَلَقَدْ آتَيْنَا مُوسَى الْكِتَابَ وَقَفَّيْنَا مِنْ بَعْدِهِ بِالرُّسُلِ ۖ وَآتَيْنَا عِيسَى ابْنَ مَرْيَمَ الْبَيِّنَاتِ وَأَيَّدْنَاهُ بِرُوحِ الْقُدُسِ ۗ أَفَكُلَّمَا جَاءَكُمْ رَسُولٌ بِمَا لَا تَهْوَىٰ أَنْفُسُكُمُ اسْتَكْبَرْتُمْ فَفَرِيقًا كَذَّبْتُمْ وَفَرِيقًا تَقْتُلُونَ
আৰু নিশ্চয় আমি মুছাক কিতাব প্ৰদান কৰিছো আৰু তেওঁৰ পিছত পৰ্যায়ক্ৰমে ৰাছুলসকলক প্ৰেৰণ কৰিছো আৰু আমি মাৰয়ামৰ পুত্ৰ ঈছাক স্পষ্ট প্ৰমাণ প্ৰদান কৰিছো আৰু ‘ৰূহুল কুদুছ’ৰ দ্বাৰা তেওঁক শক্তিশালী কৰিছো। এইটো সঁচা নহয় জানো যেতিয়াই তোমালোকৰ ওচৰত কোনো ৰাছুলে তোমালোকৰ প্ৰবৃত্তিৰ বিপৰীত কোনো বস্তু লৈ আহিছে তেতিয়াই তোমালোকে অহংকাৰ কৰিছা? তাৰ পিছত তোমালোকে নবীসকলৰ এটা দলক অস্বীকাৰ কৰিছা আৰু এটা দলক হত্যা কৰিছা।
তাফছীৰ
আমিয়ে মূছাক তাওৰাত প্ৰদান কৰিছিলোঁ আৰু তেওঁৰ পিছতো বহুত ৰাছুল প্ৰেৰণ কৰিছোঁ লগতে ঈছা ইবনে মাৰয়ামক সত্য নবী হোৱাৰ সপক্ষে কিছুমান স্পষ্ট নিদৰ্শন প্ৰদান কৰিছিলোঁ। যেনে- মৃত ব্যক্তিক জীৱিত কৰা। তথা জন্মান্ধ সন্তান আৰু কুষ্ঠ ব্যাধিগ্ৰস্থ লোকক নিৰাময় কৰা। আমি তেওঁক ফিৰিস্তা জিব্ৰীলৰ দ্বাৰা শক্তিশালী কৰিছিলোঁ। তথাপিও হে বনী ইছৰাঈল! যেতিয়াই তোমালোকৰ ওচৰত আল্লাহৰ কোনো ৰাছুলে এনেকুৱা বিধান লৈ আহিছিল যিটো তোমালোকৰ প্ৰবৃত্তিৰ লগত খাপ খোৱা নাছিল তেতিয়াই তোমালোকে অহংকাৰ কৰিছিলা আৰু আল্লাহৰ ৰাছুলতকৈ নিজকে বেছি শ্ৰেষ্ঠ বুলি ভাৱিছিলা। এতেকে তোমালোকে কিছুমান নবীক অস্বীকাৰ কৰিছিলা আৰু কিছুমানক অন্যায়ভাৱে হত্যা কৰিছিলা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক