ছূৰা 2 · জুজ 1

Al-Baqarah · 2:85

ثُمَّ أَنْتُمْ هَٰؤُلَاءِ تَقْتُلُونَ أَنْفُسَكُمْ وَتُخْرِجُونَ فَرِيقًا مِنْكُمْ مِنْ دِيَارِهِمْ تَظَاهَرُونَ عَلَيْهِمْ بِالْإِثْمِ وَالْعُدْوَانِ وَإِنْ يَأْتُوكُمْ أُسَارَىٰ تُفَادُوهُمْ وَهُوَ مُحَرَّمٌ عَلَيْكُمْ إِخْرَاجُهُمْ ۚ أَفَتُؤْمِنُونَ بِبَعْضِ الْكِتَابِ وَتَكْفُرُونَ بِبَعْضٍ ۚ فَمَا جَزَاءُ مَنْ يَفْعَلُ ذَٰلِكَ مِنْكُمْ إِلَّا خِزْيٌ فِي الْحَيَاةِ الدُّنْيَا ۖ وَيَوْمَ الْقِيَامَةِ يُرَدُّونَ إِلَىٰ أَشَدِّ الْعَذَابِ ۗ وَمَا اللَّهُ بِغَافِلٍ عَمَّا تَعْمَلُونَ

এতেকে তোমালোকেই সেইসকল লোক, যিসকলে নিজৰ মাজতেই নিজকে হত্যা কৰিছা আৰু তোমালোকৰ এটা দলক সিহঁতৰ নিজ দেশৰ পৰা বহিষ্কাৰ কৰিছা। অন্যায় আৰু সীমালংঘনৰ দ্বাৰা সিহঁতৰ বিৰুদ্ধে তোমালোকে এজনে আনজনৰ সহযোগিতা কৰিছা আৰু সিহঁত যেতিয়া বন্দীৰূপে তোমালোকৰ ওচৰত উপস্থিত হয় তেতিয়া তোমালোকে মুক্তিপণ আদায় কৰি সিহঁতক মুক্ত কৰা; অথচ সিহঁতক বহিষ্কাৰ কৰাটোৱে তোমালোকৰ ওপৰত হাৰাম আছিল। তেন্তে তোমালোকে কিতাবৰ কিছু অংশৰ প্ৰতি ঈমান আনা আৰু কিছু অংশক অস্বীকাৰ কৰা নেকি? তেনেহ’লে তোমালোকৰ মাজত যিসকলে এনে কৰে পৃথিৱীৰ জীৱনত সিহঁতৰ বাবে একমাত্ৰ প্ৰতিফল লাঞ্ছনা আৰু অপমান আৰু কিয়ামতৰ দিনা সিহঁতক উভতাই নিয়া হ’ব অতি কঠিন শাস্তিৰ পিনে আৰু সিহঁতে যি কৰে সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়।

তাফছীৰ

কিন্তু তোমালোকেই সেই প্ৰতিশ্ৰুতিৰ বিৰুদ্ধাচৰণ কৰা। এতেকে তোমালোকে পৰস্পৰক হত্যা কৰা আৰু নিজৰে কিছুমান মানুহক শত্ৰুৰ সহায় লৈ অন্যায়ভাৱে সিহঁতক ঘৰৰ পৰা বহিষ্কাৰ কৰা। আকৌ সিহঁত যেতিয়া শত্ৰু ওচৰত বন্দী হৈ তোমালোকৰ ওচৰত আহে তেতিয়া তোমালোকে সিহঁতক এৰোৱাবলৈ মুক্তিপণ দিয়াৰ বাবে খৰখেদা কৰা। অথচ পূৰ্বে সিহঁতক সিহঁতৰ ঠাইৰ পৰা বহিষ্কাৰ কৰাটোৱে তোমালোকৰ বাবে অবৈধ আছিল। তোমালোকে কিদৰে কিছুমান আদেশৰ প্ৰতি ঈমান পোষণ কৰা? যেনে- মুক্তিপণ আদায় কৰি বন্দীসকলক বিপদমুক্ত কৰা। আনহাতে কিছুমান বিধানক অস্বীকাৰ কৰা, যেনে- তেজ সংৰক্ষণ আৰু পৰস্পৰে পৰস্পৰক বহিষ্কাৰ নকৰাৰ বিধান। তোমালোকৰ মাজৰ যিয়ে এনেকুৱা কৰে পৃথিৱীত তাৰ শাস্তি হৈছে অপমান আৰু আখিৰাতত সি কঠোৰ শাস্তি ভোগ কৰিব। দৰাচলতে তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয় বৰং তেওঁ সকলো বিষয়ে অৱগত আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক