ছূৰা 2 · জুজ 1
Al-Baqarah · 2:84
وَإِذْ أَخَذْنَا مِيثَاقَكُمْ لَا تَسْفِكُونَ دِمَاءَكُمْ وَلَا تُخْرِجُونَ أَنْفُسَكُمْ مِنْ دِيَارِكُمْ ثُمَّ أَقْرَرْتُمْ وَأَنْتُمْ تَشْهَدُونَ
আৰু স্মৰণ কৰা, যেতিয়া তোমালোকৰ পৰা প্ৰতিশ্ৰুতি লৈছিলো যে, তোমালোকে পৰস্পৰে ৰক্তপাত নকৰিবা আৰু এজনে আনজনক স্বদেশৰ পৰা বহিষ্কাৰ নকৰিবা, তাৰ পিছত সেয়া তোমালোকে স্বীকাৰ কৰিছিলা আৰু তোমালোকেই ইয়াৰ সাক্ষী।
তাফছীৰ
লগতে সেই প্ৰতিশ্ৰুতি স্মৰণ কৰা যিটো তাওৰাতত আমি তোমালোকৰ পৰা লৈছিলো যে, তোমালোকে পৰস্পৰে পৰস্পৰৰ তেজ প্ৰবাহিত নকৰিবা আৰু ইজনে সিজনক নিজ ঠাইৰ পৰা বহিষ্কাৰ নকৰিবা। তোমালোকে এই প্ৰতিশ্ৰুতি মানিও লৈছিলা আৰু তোমালোক নিজেই ইয়াৰ সাক্ষী।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক