ছূৰা 2 · জুজ 1

Al-Baqarah · 2:83

وَإِذْ أَخَذْنَا مِيثَاقَ بَنِي إِسْرَائِيلَ لَا تَعْبُدُونَ إِلَّا اللَّهَ وَبِالْوَالِدَيْنِ إِحْسَانًا وَذِي الْقُرْبَىٰ وَالْيَتَامَىٰ وَالْمَسَاكِينِ وَقُولُوا لِلنَّاسِ حُسْنًا وَأَقِيمُوا الصَّلَاةَ وَآتُوا الزَّكَاةَ ثُمَّ تَوَلَّيْتُمْ إِلَّا قَلِيلًا مِنْكُمْ وَأَنْتُمْ مُعْرِضُونَ

আৰু স্মৰণ কৰা, যেতিয়া আমি ইছৰাঈলৰ সন্তানসকলৰ প্ৰতিশ্ৰুতি লৈছিলো যে, তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা, পিতৃ-মাতৃ, আত্মীয়-স্বজন, এতীম আৰু দৰিদ্ৰৰ সৈতে সদায় সদ্ব্যৱহাৰ কৰিবা আৰু মানুহৰ লগত উত্তম ব্যৱহাৰ কৰিবা আৰু ছালাত প্ৰতিষ্ঠা কৰিবা আৰু যাকাত প্ৰদান কৰিবা, তাৰ পিছত তোমালোকৰ কিছু সংখ্যক লোকৰ বাহিৰে সকলোৱে অৱজ্ঞা কৰি মুখ ঘূৰাই লৈছিল।

তাফছীৰ

হে বনী ইছৰাইল! সেই দৃঢ় অঙ্গীকাৰ স্মৰণ কৰা, যিটো তোমালোকৰ পৰা লোৱা হৈছিল যে, তোমালোকে কেৱল এক আল্লাহক স্বীকাৰ কৰিবা তেওঁৰ লগত আন কাৰো উপাসনা নকৰিবা তথা পিতৃ-মাতৃ, আত্মীয় স্বজন, অনাথ আৰু দৰিদ্ৰ, অভাৱী ব্যক্তিৰ লগত সদাচৰণ কৰিবা আৰু মানুহৰ লগত উত্তম কথা কবা। ৰূঢ় স্বভাৱ আৰু কঠোৰতা পৰিহাৰ কৰি সৎকৰ্মৰ আদেশ দিবা আৰু অসৎকৰ্মৰ পৰা বিৰত ৰাখিবা লগতে আমি দেখুৱাই দিয়া নিয়মানুযায়ী ছালাত আদায় কৰিবা আৰু আনন্দচিত্তে যাকাত আদায় কৰি উপযুক্ত ব্যক্তিসকলৰ মাজত বন্টন কৰিবা। এই প্ৰতিশ্ৰুতিৰ পিছতো তোমালোকে বিমুখ হৈছিলা আৰু ইয়াৰ ওপৰত আমল কৰাৰো তোমালোকৰ কোনো চাহিদা নাছিল। কিন্তু তোমালোকৰ মাজৰ যাক আল্লাহে ৰক্ষা কৰিছিল তেওঁ এই প্ৰতিশ্ৰুতি পালন কৰিছিল তথা অঙ্গীকাৰ পূৰণ কৰিছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক