ছূৰা 2 · জুজ 1
Al-Baqarah · 2:82
وَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ أُولَٰئِكَ أَصْحَابُ الْجَنَّةِ ۖ هُمْ فِيهَا خَالِدُونَ
আৰু যিসকলে ঈমান আনিছে আৰু নেক আমল কৰিছে, সিহঁতেই জান্নাতী, সিহঁতে তাত চিৰস্থায়ী হ’ব।
তাফছীৰ
আনহাতে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে, তেওঁলোকৰ প্ৰতিদান আছে আল্লাহৰ ওচৰত। আল্লাহে তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাব। আৰু তাত তেওঁলোক চিৰস্থায়ী হব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক