ছূৰা 2 · জুজ 1
Al-Baqarah · 2:81
بَلَىٰ مَنْ كَسَبَ سَيِّئَةً وَأَحَاطَتْ بِهِ خَطِيئَتُهُ فَأُولَٰئِكَ أَصْحَابُ النَّارِ ۖ هُمْ فِيهَا خَالِدُونَ
হয়, যিয়ে বেয়া উপাৰ্জন কৰিছে আৰু তাৰ পাপ ৰাশিয়ে তাক পৰিবেষ্টন কৰি ৰাখিছে, সিহঁতেই জাহান্নামী, তাত সিহঁতে চিৰস্থায়ী হ’ব।
তাফছীৰ
বিষয়টো তেনেকুৱা নহয় যিদৰে সিহঁতে ভাৱি আছে। আল্লাহে প্ৰত্যেক সেই ব্যক্তিক শাস্তি প্ৰদান কৰিব যিয়ে কুফৰী কৰিছে আৰু তাৰ গুনাহে তাক আৱৰি ধৰিছে। ফলস্বৰূপে তাক জাহান্নামত প্ৰৱেশ কৰাব আৰু তাত সি চিৰস্থায়ী হব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক