ছূৰা 2 · জুজ 1
Al-Baqarah · 2:80
وَقَالُوا لَنْ تَمَسَّنَا النَّارُ إِلَّا أَيَّامًا مَعْدُودَةً ۚ قُلْ أَتَّخَذْتُمْ عِنْدَ اللَّهِ عَهْدًا فَلَنْ يُخْلِفَ اللَّهُ عَهْدَهُ ۖ أَمْ تَقُولُونَ عَلَى اللَّهِ مَا لَا تَعْلَمُونَ
আৰু সিহঁতে কয়, 'সামান্য কিছু দিনৰ বাহিৰে জুইৱে আমাক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰিব'। কোৱা, ‘তোমালোকে আল্লাহৰ পৰা এনে কোনো অঙ্গীকাৰ লৈছা নেকি, যি অঙ্গীকাৰ আল্লাহে কেতিয়াও ভংগ নকৰিব? নে তোমালোকে আল্লাহ সম্পৰ্কে এনে কথা কোৱা যিটো তোমালোকে নাজানা?’
তাফছীৰ
অহংকাৰ কৰি মিছা কথা কয় যে, “জুয়ে আমাক স্পৰ্শ নকৰিব আৰু যদি কৰেও আমি মাথো কেইদিনৰ বাবেহে জাহান্নামত প্ৰৱেশ কৰিম”। এতেকে হে নবী আপুনি সিহঁতক কৈ দিয়ক যে, তোমালোকে আল্লাহৰ পৰা মজবুত কোনো অঙ্গীকাৰ লৈছা নেকি? যদি সঁচাই এনেকুৱা হয় তেন্তে নিশ্চয় আল্লাহে প্ৰতিশ্ৰুতি ভঙ্গ নকৰিব। অন্যথা তোমালোকে আল্লাহ সম্পৰ্কে এনেকুৱা কথা কৈ আছা যিটো তোমালোকে নাজানা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক