ছূৰা 2 · জুজ 1

Al-Baqarah · 2:79

فَوَيْلٌ لِلَّذِينَ يَكْتُبُونَ الْكِتَابَ بِأَيْدِيهِمْ ثُمَّ يَقُولُونَ هَٰذَا مِنْ عِنْدِ اللَّهِ لِيَشْتَرُوا بِهِ ثَمَنًا قَلِيلًا ۖ فَوَيْلٌ لَهُمْ مِمَّا كَتَبَتْ أَيْدِيهِمْ وَوَيْلٌ لَهُمْ مِمَّا يَكْسِبُونَ

এতেকে দুৰ্ভোগ সিহঁতৰ বাবে যিসকলে নিজ হাতে কিতাব ৰচনা কৰে তাৰ পিছত সামান্য মূল্য পোৱাৰ বাবে কয়, ‘এইটো আল্লাহৰ পৰা (অৱতীৰ্ণ)’। এতেকে সিহঁতৰ হাতে যি ৰচনা কৰিছে তাৰ বাবে সিহঁতৰ ধ্বংস আৰু সিহঁতে যি উপাৰ্জন কৰিছে তাৰ বাবে সিহঁতৰ ধ্বংস।

তাফছীৰ

এতেকে কঠিন শাস্তি সিহঁতৰ বাবে প্ৰতীক্ষা কৰি আছে, যিসকলে নিজ হাতে পুথি লিখি মিছাৰ আশ্ৰয় লৈ কয় যে, এয়া আল্লাহৰ তৰফৰ অৱতীৰ্ণ। যাতে সত্য আৰু হিদায়তৰ অনুসৰণৰ পৰিবৰ্তে পৃথিৱীত ধন-সম্পদ আৰু পদৰ দৰে তুচ্ছ মূল্য সংগ্ৰহ কৰিব পাৰে। সেয়ে সিহঁতৰ বাবে ধ্বংস আৰু শাস্তি কিয়নো সিহঁতে মিছা কথা লিখি আল্লাহৰ লগত সম্পৃক্ত কৰে। লগতে সিহঁতৰ বাবে ধ্বংস আৰু শাস্তি কিয়নো সিহঁতে ইয়াৰ পৰিবৰ্তে ধন-সম্পত্তি আৰু পদ অৰ্জন কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক