ছূৰা 2 · জুজ 1
Al-Baqarah · 2:78
وَمِنْهُمْ أُمِّيُّونَ لَا يَعْلَمُونَ الْكِتَابَ إِلَّا أَمَانِيَّ وَإِنْ هُمْ إِلَّا يَظُنُّونَ
আৰু সিহঁতৰ মাজত এনেকুৱা কিছুমান নিৰক্ষৰ মানুহো আছে যিহঁতে মিছা আশাৰ বাহিৰে কিতাব সম্পৰ্কে একোৱেই নাজানে, সিহঁতে কেৱল অমূলক ধাৰণা পোষণ কৰে।
তাফছীৰ
আৰু ইয়াহুদীসকলৰ মাজত কিছুমান এনেকুৱাও আছে, যিসকলে কেৱল তাওৰাত পঢ়িবহে জানে, একো বুজি নাপায়। সিহঁতৰ মূল ধন হৈছে পূৰ্বপুৰুষৰ পৰা শুনি অহা মিছা কাহিনী। যিবোৰক সিহঁতে আল্লাহে অৱতীৰ্ণ কৰা তাওৰাত বুলি গণ্য কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক