ছূৰা 2 · জুজ 1
Al-Baqarah · 2:69
قَالُوا ادْعُ لَنَا رَبَّكَ يُبَيِّنْ لَنَا مَا لَوْنُهَا ۚ قَالَ إِنَّهُ يَقُولُ إِنَّهَا بَقَرَةٌ صَفْرَاءُ فَاقِعٌ لَوْنُهَا تَسُرُّ النَّاظِرِينَ
সিহঁতে ক’লে, ‘তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে দুআ কৰা, তেওঁ যেন আমাক স্পষ্টভাৱে কৰি দিয়ে যে, তাইৰ ৰং কেনেকুৱা হ’ব লাগে?’ মুছাই ক’লে, ‘তেওঁ কৈছে, গাইজনী হালধীয়া ৰঙৰ হ’ব লাগে, অতি উজ্জল ৰং বিশিষ্ট, যিটো দৰ্শকসকলক আনন্দ দিব’।
তাফছীৰ
কিন্তু সিহঁতে বাদ-বিবাদ আৰু অবাধ্যতা পৰিহাৰ নকৰিলে আৰু মূছা আলাইহিছ ছালামক কলেঃ তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত দুআ কৰা তেওঁ যেন আমাক স্পষ্ট কৰি দিয়ে যে, গাইজনীৰ ৰং কেনেকুৱা হব? মূছা আলাইহিছ ছালামে কলেঃ গাইজনী হালধীয়া ৰঙৰ হব লাগে অতি উজ্জ্বল ৰং বিশিষ্ট, যিটো দৰ্শকসকলক আনন্দ দিয়ে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক