ছূৰা 2 · জুজ 1
Al-Baqarah · 2:68
قَالُوا ادْعُ لَنَا رَبَّكَ يُبَيِّنْ لَنَا مَا هِيَ ۚ قَالَ إِنَّهُ يَقُولُ إِنَّهَا بَقَرَةٌ لَا فَارِضٌ وَلَا بِكْرٌ عَوَانٌ بَيْنَ ذَٰلِكَ ۖ فَافْعَلُوا مَا تُؤْمَرُونَ
সিহঁতে ক’লে, ‘তুমি আমাৰ বাবে তোমাৰ প্ৰতিপালকৰ ওচৰত দুআ কৰা, তেওঁ যেন আমাক স্পষ্টভাৱে জনাই দিয়ে যে, সেই গাইজনী কেনেকুৱা হ’ব লাগে?’ মুছাই ক’লে, ‘আল্লাহে কৈছে, সেইজনী এনেকুৱা গাই হ’ব লাগে যিটো বৃদ্ধাও নহয় পোৱালীও নহয়, বৰং মধ্যবয়সী। এতেকে তোমালোকক যি আদেশ কৰা হৈছে সেয়া পালন কৰা’।
তাফছীৰ
সিহঁতে মূছা আলাইহিছ ছালামক কলেঃ তুমি আমাৰ বাবে তোমাৰ প্ৰতিপালকৰ ওচৰত দুআ কৰা যে, যিটো গৰু তেওঁ আমাক জবেহ কৰিবলৈ আদেশ দিছে তাৰ বৈশিষ্ট্য কি? মূছা আলাইহিছ ছালামে কলেঃ আল্লাহে কৈছে, সেইজনী এনেকুৱা গাই হব লাগে যিটো বুঢ়ীও নহয় পোৱালীও নহয় বৰং মধ্যবয়সী। এতেকে তোমালোকে অনতিপলমে নিজ প্ৰতিপালকৰ আদেশ পালন কৰা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক