ছূৰা 2 · জুজ 1
Al-Baqarah · 2:70
قَالُوا ادْعُ لَنَا رَبَّكَ يُبَيِّنْ لَنَا مَا هِيَ إِنَّ الْبَقَرَ تَشَابَهَ عَلَيْنَا وَإِنَّا إِنْ شَاءَ اللَّهُ لَمُهْتَدُونَ
সিহঁতে ক’লে, ‘তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে দুআ কৰা, তেওঁ যেন আমাক স্পষ্টভাৱে বৰ্ণনা কৰি দিয়ে যে, সেইজনী কেনেকুৱা হ’ব লাগে? নিশ্চয় গাইজনী আমাৰ বাবে সন্দেহপূৰ্ণ হৈছে; আৰু আল্লাহে ইচ্ছা কৰিলে নিশ্চয় আমি পথপ্ৰাপ্ত হ’ম’।
তাফছীৰ
সিহঁতে ধৃষ্টতাত আৰু এখোজ আগুৱাই গৈ কলেঃ তুমি তোমাৰ প্ৰতিপালকক আমাৰ হৈ দুআ কৰা, তেওঁ যাতে আৰু অধিক কিছুমান বৈশিষ্ট্য আমাৰ বাবে উল্লেখ কৰে। কিয়নো এতিয়া লৈকে উল্লেখ কৰা বৈশিষ্ট্যৰ অধিকাৰী গাই বহুত, ইয়াৰ মাজত নিৰ্দিষ্টি কৰা আমাৰ বাবে কঠিন। লগতে সিহঁতে এই কথাও স্পষ্ট কৰিলে যে, যদি আল্লাহে ইচ্ছা কৰে তেন্তে নিশ্চয় আমি সেইজনী গাই পাম যিটো জবেহ কৰিবলৈ আল্লাহে আমাক নিৰ্দেশ দিছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক