ছূৰা 2 · জুজ 1

Al-Baqarah · 2:65

وَلَقَدْ عَلِمْتُمُ الَّذِينَ اعْتَدَوْا مِنْكُمْ فِي السَّبْتِ فَقُلْنَا لَهُمْ كُونُوا قِرَدَةً خَاسِئِينَ

আৰু তোমালোকৰ মাজত যিহঁতে শনিবাৰ সম্পৰ্কে সীমালংঘন কৰিছিল সিহঁতক তোমালোকে নিশ্চিতভাৱে জানা। ফলত আমি সিহঁতক কৈছিলো, ‘তোমালোক নিকৃষ্ট বান্দৰ হৈ যোৱা’।

তাফছীৰ

তোমালোকে নিজৰ সেই সকল পূৰ্বপুৰুষৰ বিষয়ে ভালকৈয়ে জানা যিসকলে শনিবাৰৰ দিনা চিকাৰ কৰা নিষেধ হোৱাৰ পিছতো সীমালংঘন কৰিছিল। সিহঁতে এইটো বাহানা অৱলম্বন কৰিছিল যে, শনিবাৰৰ আগতে জাল পাতিছিল আৰু ৰবিবাৰে জাল তুলিছিল। এতেকে আল্লাহে এই বাহানা কৰা লোক সকলক সিহঁতৰ বাহানা আৰু চক্ৰান্তৰ ফলত নিকৃষ্ট বান্দৰত পৰিণত কৰিলে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক