ছূৰা 2 · জুজ 1
Al-Baqarah · 2:64
ثُمَّ تَوَلَّيْتُمْ مِنْ بَعْدِ ذَٰلِكَ ۖ فَلَوْلَا فَضْلُ اللَّهِ عَلَيْكُمْ وَرَحْمَتُهُ لَكُنْتُمْ مِنَ الْخَاسِرِينَ
ইয়াৰ পিছতো তোমালোকে বিমুখ হ’লা! এতেকে তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ আৰু অনুকম্পা নাথাকিলে তোমালোকে নিশ্চয় ক্ষতিগ্ৰস্ত হ'লাহেঁতেন।
তাফছীৰ
কিন্তু তোমালোকে এই দৃঢ় প্ৰতিজ্ঞাৰ পিছতো মুখ ঘূৰাই লৈছিলা আৰু অৱজ্ঞা কৰিছিলা। এনে অৱস্থাত যদি আল্লাহে নিজ অনুগ্ৰহেৰে তোমালোকক ক্ষমা নকৰিলেহেঁতেন আৰু তোমালোকৰ তাওবা কবুল নকৰিলেহেঁতেন তেন্তে তোমালোকে এই বিমুখতা আৰু অৱজ্ঞাৰ ফলত ক্ষতিগ্ৰস্থৰ অন্তৰ্ভুক্ত হৈ গলাহেঁতেন!
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক