ছূৰা 2 · জুজ 1

Al-Baqarah · 2:63

وَإِذْ أَخَذْنَا مِيثَاقَكُمْ وَرَفَعْنَا فَوْقَكُمُ الطُّورَ خُذُوا مَا آتَيْنَاكُمْ بِقُوَّةٍ وَاذْكُرُوا مَا فِيهِ لَعَلَّكُمْ تَتَّقُونَ

আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকৰ অংগীকাৰ লৈছিলো আৰু তোমালোকৰ ওপৰত উত্তোলন কৰিছিলো ‘তুৰ’ পৰ্বতক (আৰু কৈছিলো) ‘আমি যি দিলো সেয়া দৃঢ়তাৰে সৈতে গ্ৰহণ কৰা আৰু তাত যি আছে সেয়া স্মৰণ ৰাখিবা, যাতে তোমালোক তাক্বৱা অৱলম্বন কৰিব পাৰা’।

তাফছীৰ

আল্লাহ তথা তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰাৰ সেই মজবুত প্ৰতিশ্ৰুতিৰ কথা স্মৰণ কৰা যিটো আমি তোমালোকৰ পৰা লৈছিলো। লগতে ভয় দেখুৱাবলৈ তথা অঙ্গীকাৰ ভঙ্গ কৰাৰ পৰা সতৰ্ক কৰিবলৈ তোমালোকৰ ওপৰত পৰ্বত দাঙি ধৰিছিলো আৰু আদেশ দিছিলো যে, আমি অৱতীৰ্ণ কৰা পুথি তাওৰাতক মজবুতভাৱে ধাৰণ কৰা। সেই বিষয়ে কোনো ধৰণৰ অলসতা আৰু অৱহেলা নকৰিবা আৰু লিপিবদ্ধ কৰা বাণীসমূহক মনত ৰাখিবা আৰু গৱেষণা কৰিবা। সম্ভৱত এনে কৰিলে তোমালোকে আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পাবা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক