ছূৰা 2 · জুজ 1

Al-Baqarah · 2:62

إِنَّ الَّذِينَ آمَنُوا وَالَّذِينَ هَادُوا وَالنَّصَارَىٰ وَالصَّابِئِينَ مَنْ آمَنَ بِاللَّهِ وَالْيَوْمِ الْآخِرِ وَعَمِلَ صَالِحًا فَلَهُمْ أَجْرُهُمْ عِنْدَ رَبِّهِمْ وَلَا خَوْفٌ عَلَيْهِمْ وَلَا هُمْ يَحْزَنُونَ

নিশ্চয় যিসকলে ঈমান আনিছে আৰু যিসকলে ইয়াহুদি হৈছে লগতে নাছাৰা আৰু ছাবেয়ীসকলৰ যিহঁতেই আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনে আৰু সত্কাম কৰে, সিহঁতৰ বাবে সিহঁতৰ প্ৰতিপালকৰ ওচৰত পুৰষ্কাৰ আছে; আৰু সিহঁতৰ কোনো ভয় নাই আৰু সিহঁত চিন্তিতও নহ’ব।

তাফছীৰ

এই উম্মতৰ যিসকলে ঈমান আনিছে আৰু এইদৰে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পূৰ্বে যিসকলে সেই সময়ৰ নবীৰ প্ৰতি ঈমান পোষণ কৰিছিল, যেনে- ইয়াহুদী, খৃষ্টান, ছাবেয়ী। এইসকল লোকৰ মাজত যিসকলে প্ৰকৃতাৰ্থত আল্লাহৰ প্ৰতি তথা আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰিছিল তেওঁলোকৰ ছোৱাব তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে। আখিৰাতত তেওঁলোকৰ কোনো ভয় নাথাকিব আৰু পৃথিৱীতো কোনো বস্তু নোপোৱাৰ বাবে চিন্তিতও নহব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক