ছূৰা 2 · জুজ 1

Al-Baqarah · 2:61

وَإِذْ قُلْتُمْ يَا مُوسَىٰ لَنْ نَصْبِرَ عَلَىٰ طَعَامٍ وَاحِدٍ فَادْعُ لَنَا رَبَّكَ يُخْرِجْ لَنَا مِمَّا تُنْبِتُ الْأَرْضُ مِنْ بَقْلِهَا وَقِثَّائِهَا وَفُومِهَا وَعَدَسِهَا وَبَصَلِهَا ۖ قَالَ أَتَسْتَبْدِلُونَ الَّذِي هُوَ أَدْنَىٰ بِالَّذِي هُوَ خَيْرٌ ۚ اهْبِطُوا مِصْرًا فَإِنَّ لَكُمْ مَا سَأَلْتُمْ ۗ وَضُرِبَتْ عَلَيْهِمُ الذِّلَّةُ وَالْمَسْكَنَةُ وَبَاءُوا بِغَضَبٍ مِنَ اللَّهِ ۗ ذَٰلِكَ بِأَنَّهُمْ كَانُوا يَكْفُرُونَ بِآيَاتِ اللَّهِ وَيَقْتُلُونَ النَّبِيِّينَ بِغَيْرِ الْحَقِّ ۗ ذَٰلِكَ بِمَا عَصَوْا وَكَانُوا يَعْتَدُونَ

আৰু যেতিয়া তোমালোকে কৈছিলা, ‘হে মূছা! আমি একেই ধৰণৰ খাদ্যৰ ওপৰত কেতিয়াও ধৈৰ্য ধাৰণ কৰিব নোৱাৰিম। এতেকে তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে প্ৰাৰ্থনা কৰা... তেওঁ যেন আমাৰ বাবে ভূমিজাত দ্ৰৱ্য শাক-পাচলি, তিয়ঁহ, গম, দাইল আৰু পিঁয়াজ উত্পাদন কৰে’। মূছাই ক’লে, ‘তোমালোকে উত্তম বস্তুৰ পৰিবৰ্তে নিম্নমানৰ বস্তু বিচৰা নেকি? তেন্তে কোনো চহৰলৈ গুচি যোৱা, তাত তোমালোকে নিশ্চয় তোমালোকৰ বিচৰা বস্তু পাবা’; আৰু সিহঁতৰ ওপৰত লাঞ্ছনা আৰু দাৰিদ্ৰ আপতিত হ’ল আৰু সিহঁত আল্লাহৰ গযবৰ চিকাৰ হ’ল। এইটো এই বাবে যে, সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল আৰু নবীসকলক অন্যায়ভাৱে হত্যা কৰিছিল। অবাধ্যতা আৰু সীমালঙ্ঘন কৰাৰ বাবেই সিহঁতৰ এই পৰিণতি হৈছিল।

তাফছীৰ

স্মৰণ কৰা সেই সময়ক যেতিয়া তোমালোকে নিজ প্ৰতিপালকৰ নিয়ামতৰ অকৃতজ্ঞতা কৰিছিলা। এতেকে মান্না আৰু ছালৱাৰ ৰূপত আল্লাহে প্ৰদান কৰা জীৱিকা খাই ক্লান্ত হৈ কৈছিলাঃ আমি একেই ধৰণৰ খাদ্যৰ ওপৰত কেতিয়াও ধৈৰ্য্য ধাৰণ কৰিব নোৱাৰিম যিটো কেতিয়াও পৰিবৰ্তন নহয়। তাৰ পিছত তোমালোকে মূছা আলাইহিচ্ছালামৰ ওচৰত আবেদন কৰিলা যাতে তেওঁ দুআ কৰে যে, আল্লাহে যেন ভূমিজাত দ্ৰৱ্য শাক-পাচলি, তিয়ঁহ, গম, দাইল আৰু পিঁয়াজ উৎপাদন কৰে। মূছা আলাইহিচ্ছালামে ক'লেঃ তোমালোকে কোনো কষ্ট নোহোৱাকৈ মান্না আৰু ছালৱাৰ দৰে যি উত্তম খাদ্য পাই আছা, ইয়াৰ পৰিবৰ্তে তোমালোকে এই নিম্নমানৰ আবেদন কিয় কৰি আছা, তোমালোকে এটা কাম কৰা, ইয়াৰ পৰা বেলেগ কোনো ঠাইলৈ গুচি যোৱা। তোমালোকে সেই ঠাইৰ খেতি আৰু বজাৰত সেই সকলো বস্তু তাত উপলব্ধ পাবা যিবোৰ তোমালোকে বিচাৰিছা। এতেকে প্ৰবৃত্তিৰ অনুসৰণ আৰু আল্লাহে প্ৰদান কৰা বস্তুৰ পৰা মুখ ঘূৰাই লোৱাৰ ফলত সিহঁতৰ ওপৰত তিৰস্কাৰ, দৰিদ্ৰতা আৰু লাঞ্ছনা আপতিত হ'ল। লগতে আল্লাহৰ অসন্তুষ্টিৰ পাত্ৰ হ'ল। কিয়নো সিহঁতে তেওঁৰ দ্বীনৰ পৰা মুখ ঘূৰাই লৈছিল আৰু তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল লগতে তেওঁৰ নবীসকলক অন্যায়ভাৱে হত্যা কৰিছিল। অবাধ্যতা আৰু সীমালংঘন কৰাৰ বাবেই সিহঁতৰ এই পৰিণতি হৈছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক