ছূৰা 2 · জুজ 1
Al-Baqarah · 2:66
فَجَعَلْنَاهَا نَكَالًا لِمَا بَيْنَ يَدَيْهَا وَمَا خَلْفَهَا وَمَوْعِظَةً لِلْمُتَّقِينَ
এতেকে আমি ইয়াক এটা শিক্ষামূলক দৃষ্টান্ত বনাইছো, সিহঁতৰ সমসাময়িক আৰু পৰবৰ্তীসকলৰ বাবে আৰু মুত্তাক্বীসকলৰ বাবে উপদেশস্বৰূপ।
তাফছীৰ
ফলত আমি এই অন্যায়কাৰী গাওঁখনক ওচৰ-চুবুৰীয়া গাওঁৰ বাবে দৃষ্টান্ত বনাই দিছো লগতে পৰবৰ্তী প্ৰজন্মৰ বাবে উপদেশস্বৰূপ বনাই দিছো। যাতে কোনেও এই ধৰণৰ আচৰণ কৰি এনেকুৱা শাস্তিৰ সন্মুখীন নহয়। লগতে আমি সেই গাওঁখনক মুত্তাক্বীসকলৰ বাবে যিসকলে আল্লাহৰ শাস্তিক ভয় কৰে তথা আল্লাহৰ সীমালংঘনৰ বেয়া পৰিণতিক ভয় কৰা ব্যক্তিসকলৰ বাবে নিদৰ্শন বনাই দিছো।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক