ছূৰা 2 · জুজ 1

Al-Baqarah · 2:57

وَظَلَّلْنَا عَلَيْكُمُ الْغَمَامَ وَأَنْزَلْنَا عَلَيْكُمُ الْمَنَّ وَالسَّلْوَىٰ ۖ كُلُوا مِنْ طَيِّبَاتِ مَا رَزَقْنَاكُمْ ۖ وَمَا ظَلَمُونَا وَلَٰكِنْ كَانُوا أَنْفُسَهُمْ يَظْلِمُونَ

আৰু আমি তোমালোকৰ ওপৰত মেঘৰ ছাঁ বিস্তাৰ কৰিছিলো আৰু তোমালোকৰ বাবে অৱতীৰ্ণ কৰিছিলো ‘মান্না’ আৰু ‘ছালৱা’। (কৈছিলো) ‘পৱিত্ৰ (উত্তম) জীৱিকাৰ পৰা আহাৰ কৰা যি আমি তোমালোকক দান কৰিছো’। আৰু সিহঁতে আমাৰ একো অন্যায় কৰা নাই বৰং সিহঁতে নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।

তাফছীৰ

তোমালোকৰ ওপৰত আমাৰ অনুগ্ৰহসমূহৰ অন্যতম আৰু এটা অনুগ্ৰহ হৈছে এই যে, যেতিয়া তোমালোকে পৃথিৱীত ইনাই বিনাই ঘূৰি আছিলা। তেতিয়া আমি তোমালোকক ৰ’দৰ গৰমৰ পৰা বচাবলৈ মেঘৰ ছাঁ প্ৰদান কৰিছিলো। এইদৰে পান কৰাৰ বাবে মৌৰ দৰে মিঠা দ্ৰব্য আৰু খোৱাৰ বাবে সুস্বাদু মাংসৰ এবিধ চৰাই প্ৰদান কৰিছিলো আৰু আমি তোমালোকক কৈছিলোঃ “আমি প্ৰদান কৰা পৱিত্ৰ বস্তুসমূহৰ পৰা আহাৰ কৰা”। সিহঁতে আমাৰ নিয়ামতসমূহৰ অস্বীকাৰ আৰু অকৃতজ্ঞতা কৰি আমাৰ কোনো ক্ষতি কৰা নাই বৰং নিজৰে ছোৱাব হ্ৰাস কৰি আৰু নিজকে শাস্তিৰ অধিকাৰী বনাই নিজৰ ওপৰত অন্যায় কৰিছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক