ছূৰা 2 · জুজ 1
Al-Baqarah · 2:58
وَإِذْ قُلْنَا ادْخُلُوا هَٰذِهِ الْقَرْيَةَ فَكُلُوا مِنْهَا حَيْثُ شِئْتُمْ رَغَدًا وَادْخُلُوا الْبَابَ سُجَّدًا وَقُولُوا حِطَّةٌ نَغْفِرْ لَكُمْ خَطَايَاكُمْ ۚ وَسَنَزِيدُ الْمُحْسِنِينَ
আৰু স্মৰণ কৰা, যেতিয়া আমি কৈছিলো, ‘তোমালোকে এই গাওঁখনত প্ৰৱেশ কৰি তাৰ পৰা যি ইচ্ছা আনন্দচিত্তে আহাৰ কৰা আৰু দুৱাৰত প্ৰৱেশ কৰোঁতে শিৰ নত কৰি প্ৰৱেশ কৰিবা। আৰু ক’বা ‘হিত্তাতুন’ (ক্ষমা বিচাৰো)। আমি তোমালোকৰ অপৰাধ ক্ষমা কৰিম আৰু সত্কৰ্মশীলসকলক আৰু অধিক (অনুগ্ৰহ) দান কৰিম’।
তাফছীৰ
স্মৰণ কৰা এই অনুগ্ৰহটোক যেতিয়া আমি তোমালোকক কৈছিলোঃ বাইতুল মাকদিছত প্ৰৱেশ কৰা, আৰু তাৰ মাজত য’ৰ পৰা ইচ্ছা স্বাচ্ছন্দে পৱিত্ৰ জীৱিকা গ্ৰহণ কৰা। কিন্তু প্ৰৱেশ কৰাৰ সময়ত শিৰ নত কৰি প্ৰৱেশ কৰিবা। আৰু আল্লাহৰ ওচৰত এই বুলি দুআ কৰিবাঃ “হে আল্লাহ! আমাৰ গুনাহসমূহ ক্ষমা কৰা”। আমি তোমালোকৰ দুআ কবুল কৰিম। বৰং আন্তৰিকতাৰে সত্কৰ্ম পালনকাৰীক তাৰ সত্কৰ্মৰ ফলস্বৰূপে তাতোকৈ অধিক ছোৱাব প্ৰদান কৰিম।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক