ছূৰা 2 · জুজ 1

Al-Baqarah · 2:55

وَإِذْ قُلْتُمْ يَا مُوسَىٰ لَنْ نُؤْمِنَ لَكَ حَتَّىٰ نَرَى اللَّهَ جَهْرَةً فَأَخَذَتْكُمُ الصَّاعِقَةُ وَأَنْتُمْ تَنْظُرُونَ

আৰু স্মৰণ কৰা, যেতিয়া তোমালোকে কৈছিলা, হে মুছা! আমি আল্লাহক প্ৰকাশ্যভাৱে নেদেখা লৈকে তোমাক বিশ্বাস নকৰো, ফলত তোমালোকে চাই থাকোঁতেই তোমালোকক বজ্ৰপাতে আক্ৰমণ কৰিলে।

তাফছীৰ

স্মৰণ কৰা সেই সময়টোক যেতিয়া তোমালোকৰ পূৰ্বপূৰুষ সকলে বৰ সাহসেৰে মূছা আলাইহিছ ছালামক কৈছিলঃ আমি আল্লাহক পৰ্দা নোহোৱাকৈ প্ৰকাশ্যভাৱে নেদেখালৈকে তোমাৰ প্ৰতি ঈমান পোষণ নকৰো। ফলত জুয়ে সিহঁতক আক্ৰমণ কৰিলে আৰু সিহঁতে নিজ চকুৰে ইজনে সিজনৰ মৃত্যু প্ৰত্যক্ষ কৰি আছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক