ছূৰা 2 · জুজ 1
Al-Baqarah · 2:54
وَإِذْ قَالَ مُوسَىٰ لِقَوْمِهِ يَا قَوْمِ إِنَّكُمْ ظَلَمْتُمْ أَنْفُسَكُمْ بِاتِّخَاذِكُمُ الْعِجْلَ فَتُوبُوا إِلَىٰ بَارِئِكُمْ فَاقْتُلُوا أَنْفُسَكُمْ ذَٰلِكُمْ خَيْرٌ لَكُمْ عِنْدَ بَارِئِكُمْ فَتَابَ عَلَيْكُمْ ۚ إِنَّهُ هُوَ التَّوَّابُ الرَّحِيمُ
আৰু স্মৰণ কৰা, যেতিয়া মূছাই নিজ সম্প্ৰদায়ক ক’লে, হে মোৰ জাতি! তোমালোকে দামুৰিটোক (উপাস্যৰূপে) গ্ৰহণ কৰি নিজৰ ওপৰত অন্যায় কৰিছা। এতেকে তোমালোকৰ সৃষ্টিকৰ্তাৰ ওচৰত তাওবা কৰা ফলত নিজেই নিজকে হত্যা কৰা। এইটোৱেই তোমালোকৰ সৃষ্টিকৰ্তাৰ ওচৰত তোমালোকৰ বাবে কল্যাণকৰ। তাৰ পিছত তেওঁ তোমালোকক ক্ষমা কৰিছিল। নিশ্চয় তেওঁ ক্ষমাশীল অতি দয়ালু।
তাফছীৰ
লগতে এই অনুগ্ৰহটোও স্মৰণ কৰা যে, তেৱেঁই তোমালোকক দামুৰিৰ পূজা-পাঠ এৰিবলৈ তাওবা কৰাৰ তাওফীক দান কৰিছিল। যেতিয়া মূছা আলাইহিছ ছালামে কৈছিলঃ তোমালোকে দামুৰিক উপাস্য হিচাপে লৈ তাৰ উপাসনা কৰি নিজৰ ওপৰতে অন্যায় কৰিছা। এতেকে তাওবা কৰা আৰু সৃষ্টিকৰ্তাৰ পিনে উভতি যোৱা। এই তাওবাৰ পদ্ধতি হৈছে তোমালোকে ইজনে সিজনক বধ কৰা। কুফৰৰ গভীৰতাত পতিত হৈ চিৰস্থায়ী জাহান্নামী হোৱাতকৈ এনেকুৱা তাওবাই তোমালোকৰ বাবে উত্তম। এতেকে যেতিয়া তোমালোকে আল্লাহৰ সহায় আৰু তাওফীকত এই তাওবা সম্পন্ন কৰিছিলা তেতিয়া আল্লাহে তোমালোকৰ সেই তাওবা কবুল কৰিছিল। কিয়নো আল্লাহ অধিক তাওবা কবুলকাৰী আৰু বান্দাৰ প্ৰতি পৰম দয়ালু।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক