ছূৰা 2 · জুজ 1

Al-Baqarah · 2:48

وَاتَّقُوا يَوْمًا لَا تَجْزِي نَفْسٌ عَنْ نَفْسٍ شَيْئًا وَلَا يُقْبَلُ مِنْهَا شَفَاعَةٌ وَلَا يُؤْخَذُ مِنْهَا عَدْلٌ وَلَا هُمْ يُنْصَرُونَ

আৰু তোমালোকে সেইদিনটোক ভয় কৰা যিদিনা কোনোৱেই কাৰো কামত নাহিব। আৰু কাৰো ছুপাৰিছ গ্ৰহন কৰা নহ’ব লগতে কাৰো পৰা কোনো বিনিময়ো লোৱা নহ’ব, আৰু সিহঁতে সহায় প্ৰাপ্তও নহ’ব।

তাফছীৰ

আদেশসমূহ পালন কৰি আৰু নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি ক্বিয়ামতৰ শাস্তিৰ পৰা নিজকে ৰক্ষা কৰা। সেইদিনা কোনেও কাৰো কামত নাহিব আৰু আল্লাহৰ আদেশ নোহোৱাকৈ বিপদমুক্ত কৰিবলৈ অথবা সফলতা লভিবলৈ কোনো মধ্যস্ততা স্বীকাৰ কৰা নহব, লগতে মুক্তিপণও গ্ৰহণ কৰা নহব। যদিও পৃথিৱীৰ সমান সোণ নহওক কিয়। সেইদিনা তাৰ কোনো সহায়ক নাথাকিব। এতেকে যেতিয়া কোনো মধ্যস্ততা অথবা মুক্তিপণ বা কোনো সহায়ক কোনো উপকাৰত নাহিব তেনে অৱস্থাত পলায়ন কৰি যাবনো ক’ত?

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক