ছূৰা 2 · জুজ 1
Al-Baqarah · 2:49
وَإِذْ نَجَّيْنَاكُمْ مِنْ آلِ فِرْعَوْنَ يَسُومُونَكُمْ سُوءَ الْعَذَابِ يُذَبِّحُونَ أَبْنَاءَكُمْ وَيَسْتَحْيُونَ نِسَاءَكُمْ ۚ وَفِي ذَٰلِكُمْ بَلَاءٌ مِنْ رَبِّكُمْ عَظِيمٌ
আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকক ফিৰআউনৰ বংশৰ পৰা ৰক্ষা কৰিছিলো। সিহঁতে তোমালোকক বৰ কঠিন শাস্তি দিছিল। তোমালোকৰ পুত্ৰ সন্তানক হত্যা কৰিছিল আৰু কন্যাসন্তানক জীয়াই ৰাখিছিল। আৰু ইয়াত আছিল তোমালোকৰ বাবে তোমালোকৰ প্ৰতিপালকৰ পৰা এক মহাপৰীক্ষা।
তাফছীৰ
হে বনী ইছৰাঈল! স্মৰণ কৰা, যেতিয়া আমি তোমালোকক ফিৰআউনৰ অনুসাৰীবিলাকৰ পৰা মুক্তি প্ৰদান কৰিছিলো। যিসকলে তোমালোকক বিভিন্ন প্ৰকাৰৰ শাস্তি প্ৰদান কৰিছিল। সিহঁতে তোমালোকৰ পুত্ৰ সন্তানক হত্যা কৰিছিল যাতে তোমালোকৰ বংশধৰ নিঃশেষ হৈ যায়। আৰু তোমালোকৰ কন্যা সন্তানক জীৱিত ৰাখিছিল যাতে ডাঙৰ হৈ সিহঁতৰ সেৱা আগবঢ়ায়। এইবোৰ কৰিছিল কেৱল তোমালোকক লাঞ্ছনা কৰাৰ উদ্দেশ্যে। ফিৰআউন আৰু তাৰ অনুসাৰীৰ পৰা মুক্তি লাভ কৰাৰ ক্ষেত্ৰত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা বৰ ডাঙৰ পৰীক্ষা আছিল যাতে তোমালোকে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক