ছূৰা 2 · জুজ 1
Al-Baqarah · 2:47
يَا بَنِي إِسْرَائِيلَ اذْكُرُوا نِعْمَتِيَ الَّتِي أَنْعَمْتُ عَلَيْكُمْ وَأَنِّي فَضَّلْتُكُمْ عَلَى الْعَالَمِينَ
হে ঈছৰাঈলৰ বংশধৰসকল! মোৰ সেই অনুগ্ৰহৰ কথা মনত পেলোৱা যি মই তোমালোকক প্ৰদান কৰিছিলো, আৰু নিশ্চয় মই তোমালোকক সমগ্ৰ জাতিৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছিলো।
তাফছীৰ
হে আল্লাহৰ নবী ইয়াকূবৰ পুত্ৰসকল! মই তোমালোকক প্ৰদান কৰা দ্বীনি আৰু দুনয়াবী অনুগ্ৰহসমূহ স্মৰণ কৰা। লগতে এইটোও স্মৰণ কৰা যে, মই তোমালোকক সমকালীন লোকসকলৰ ওপৰত নবুওৱত আৰু ৰাজত্বৰ দ্বাৰা প্ৰধান্য দিছিলো।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক