ছূৰা 2 · জুজ 1
Al-Baqarah · 2:46
الَّذِينَ يَظُنُّونَ أَنَّهُمْ مُلَاقُو رَبِّهِمْ وَأَنَّهُمْ إِلَيْهِ رَاجِعُونَ
(আৰু এই কাম সেইসকল লোকৰ বাবে সহজ) যিসকলে বিশ্বাস কৰে যে, নিশ্চয় সিহঁতে সিহঁতৰ প্ৰতিপালকৰ লগত সাক্ষাৎ কৰিব আৰু নিশ্চয় সিহঁত তেওঁৰ ফালেই উভতি যাব।
তাফছীৰ
কিয়নো তেওঁলোকে বিশ্বাস পোষণ কৰে যে, তেওঁলোকে নিজ প্ৰতিপালকৰ সন্মুখত উপস্থিত হব। ক্বিয়ামতৰ দিনা তেওঁৰ লগত সাক্ষাৎ হব আৰু তেওঁৰ পিনেই উভতি যাব লাগিব। যাতে প্ৰত্যেককে নিজ নিজ কৰ্মৰ প্ৰতিফল দিয়ে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক