ছূৰা 2 · জুজ 1

Al-Baqarah · 2:34

وَإِذْ قُلْنَا لِلْمَلَائِكَةِ اسْجُدُوا لِآدَمَ فَسَجَدُوا إِلَّا إِبْلِيسَ أَبَىٰ وَاسْتَكْبَرَ وَكَانَ مِنَ الْكَافِرِينَ

আৰু স্মৰণ কৰা, যেতিয়া আমি ফিৰিস্তাসকলক কৈছিলো, তোমালোকে আদমক ছাজদা কৰা। তেতিয়া ইবলিছৰ বাহিৰে সকলোৱে ছাজদা কৰিছিল। সি অস্বীকাৰ কৰিলে আৰু অহংকাৰ কৰিলে। আৰু সি কাফিৰসকলৰ অন্তৰ্ভূক্ত হ’ল।

তাফছীৰ

ইয়াত এই কথা স্পষ্ট কৰা হৈছে যে, তাৰ পিছত আল্লাহ তাআলাই ফিৰিস্তাসকলক আদমক সন্মানাৰ্থে ছাজদাহ কৰিবলৈ আদেশ দিলে। ফলত তেওঁলোকে আল্লাহৰ আদেশ পালন কৰোঁতে অকনো পলম নকৰিলে। তত্ক্ষণাত ছাজদাহ কৰিলে। আনহাতে ইবলীছ, যিজন জিন জাতিৰ অন্তৰ্ভূক্ত আছিল, সি আল্লাহৰ আদেশত অভিযোগ কৰিলে আৰু অহংকাৰ কৰি আদমক ছাজদাহ কৰিবলৈ অস্বীকাৰ কৰিলে। ফলত সি আল্লাহক অস্বীকাৰকাৰীসকলৰ অন্তৰ্ভূক্ত হৈ গ'ল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক