ছূৰা 2 · জুজ 1
Al-Baqarah · 2:33
قَالَ يَا آدَمُ أَنْبِئْهُمْ بِأَسْمَائِهِمْ ۖ فَلَمَّا أَنْبَأَهُمْ بِأَسْمَائِهِمْ قَالَ أَلَمْ أَقُلْ لَكُمْ إِنِّي أَعْلَمُ غَيْبَ السَّمَاوَاتِ وَالْأَرْضِ وَأَعْلَمُ مَا تُبْدُونَ وَمَا كُنْتُمْ تَكْتُمُونَ
তেওঁ ক’লে, ‘হে আদম, এইবোৰৰ নাম তুমি সিহঁতক জনাই দিয়া’। তাৰ পিছত যেতিয়া তেওঁ (আদম) এইবোৰৰ নাম জনাই দিলে, তেতিয়া তেওঁ ক’লে, ‘মই তোমালোকক কোৱা নাছিলোনে যে, নিশ্চয় মই আকাশমণ্ডল আৰু পৃথিৱীৰ গায়েব (অদৃশ্য) সম্পৰ্কে জানো? মই আৰু জানো যি তোমালোকে প্ৰকাশ কৰা আৰু যি গোপন কৰা’।
তাফছীৰ
তেতিয়া আল্লাহ তাআলাই আদম আলাইহিচ ছালামক ক'লে, "তুমি এওঁলোকক এই সকলো বস্তুৰ নাম জনাই দিয়া"। এতেকে যেতিয়া আদম আলাইহি ছালামে আল্লাহ তাআলাই প্ৰদান কৰা জ্ঞান অনুসাৰে সকলো বস্তুৰ নাম জনাই দিলে। তেতিয়া আল্লাহ তাআলাই ফিৰিস্তাসকলক ক'লে, "মই তোমালোকক কোৱা নাছিলোনে যে, নিশ্চয় মই আকাশমণ্ডল আৰু পৃথিৱীৰ গোপন বিষয়সমূহ জানো। লগতে তোমালোকৰ প্ৰকাশ্য অৱস্থা আৰু অন্তৰৰ গোপন বিষয়েও অৱগত"।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক