ছূৰা 2 · জুজ 1

Al-Baqarah · 2:32

قَالُوا سُبْحَانَكَ لَا عِلْمَ لَنَا إِلَّا مَا عَلَّمْتَنَا ۖ إِنَّكَ أَنْتَ الْعَلِيمُ الْحَكِيمُ

তেওঁলোকে ক’লে, তুমি পৱিত্ৰ। তুমি আমাক যি শিক্ষা দিছা তাৰ বাহিৰে আমাৰ আন কোনো জ্ঞান নাই। নিশ্চয় তুমি সৰ্বজ্ঞ প্ৰজ্ঞাময়।

তাফছীৰ

তেওঁলোকে নিজৰ অসম্পূৰ্ণতা স্বীকাৰ কৰি আৰু আল্লাহৰ শ্ৰেষ্ঠতাৰ গুণগান কৰি কলে, হে আমাৰ প্ৰতিপালক! তোমাৰ ফয়চালা আৰু আদেশৰ প্ৰতি অভিযোগ কৰিবলৈ আমাৰ ক্ষমতা নাই। কিয়নো তুমি আমাক যি শিক্ষা দান কৰিছা তাৰ বাহিৰে আমাৰ আন কোনো জ্ঞান নাই। নিশ্চয় তুমি সৰ্বজ্ঞ, তোমাৰ পৰা কোনো বস্তু গোপন নহয়। তুমি প্ৰজ্ঞাময়, তুমিয়ে প্ৰত্যেক বস্তু তকদীৰ আৰু বিধান অনুযায়ী উচিত ভাৱে নিৰ্ধাৰণ কৰা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক