ছূৰা 2 · জুজ 1
Al-Baqarah · 2:35
وَقُلْنَا يَا آدَمُ اسْكُنْ أَنْتَ وَزَوْجُكَ الْجَنَّةَ وَكُلَا مِنْهَا رَغَدًا حَيْثُ شِئْتُمَا وَلَا تَقْرَبَا هَٰذِهِ الشَّجَرَةَ فَتَكُونَا مِنَ الظَّالِمِينَ
আৰু আমি ক’লো, হে আদম, তুমি আৰু তোমাৰ স্ত্ৰী জান্নতত বসবাস কৰা আৰু য’ৰ পৰা ইচ্ছা স্বাচ্ছন্দে আহাৰ গ্ৰহণ কৰা, কিন্তু এই গছ জোপাৰ ওচৰত নাজাবা, তেনেহ’লে তোমালোক যালিম সকলৰ অন্তৰ্ভূক্ত হৈ যাবা।
তাফছীৰ
আৰু আমি ক'লো, 'হে আদম! তুমি আৰু তোমাৰ পত্নী হাওৱা জান্নাতত অৱস্থান কৰা। আৰু উভয়ে এই বিস্তৃত জান্নাতত যৰ পৰা ইচ্ছা আনন্দচিত্তে আহাৰ গ্ৰহণ কৰা। কিন্তু সৌ গছজোপাৰ পিনে কেতিয়াও নাযাবা, যি গছৰ ফল খাবলৈ মই তোমালোক দুজনক নিষেধ কৰিছো। অন্যথা মোৰ অবাধ্যতা কৰাৰ কাৰণে তোমালোক দুজন অত্যাচাৰী বুলি পৰিগণিত হ'বা'।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক