ছূৰা 2 · জুজ 3

Al-Baqarah · 2:283

۞ وَإِنْ كُنْتُمْ عَلَىٰ سَفَرٍ وَلَمْ تَجِدُوا كَاتِبًا فَرِهَانٌ مَقْبُوضَةٌ ۖ فَإِنْ أَمِنَ بَعْضُكُمْ بَعْضًا فَلْيُؤَدِّ الَّذِي اؤْتُمِنَ أَمَانَتَهُ وَلْيَتَّقِ اللَّهَ رَبَّهُ ۗ وَلَا تَكْتُمُوا الشَّهَادَةَ ۚ وَمَنْ يَكْتُمْهَا فَإِنَّهُ آثِمٌ قَلْبُهُ ۗ وَاللَّهُ بِمَا تَعْمَلُونَ عَلِيمٌ

যদি তোমালোকে ভ্ৰমণত থকা আৰু কোনো লেখক নোপোৱা তেন্তে হস্তান্তৰকৃত বন্ধক ৰাখিবা। এতেকে তোমালোকে এজনে আনজনক বিশ্বস্ত বুলি ভাৱিলে, যাৰ ওচৰত আমানত ৰখা হৈছে সি যেন আমানত প্ৰত্যাৰ্পন কৰে আৰু তাৰ প্ৰতিপালক আল্লাহৰ তাক্বৱা অৱলম্বন কৰে; আৰু তোমালোকে সাক্ষী গোপন নকৰিবা, আৰু যিয়ে ইয়াক গোপন কৰে নিশ্চয় তাৰ অন্তৰ পাপী; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।

তাফছীৰ

যদি তোমালোক ভ্ৰমণত থকা আৰু ঋণৰ নথি লিখিবলৈ কোনো নাথাকে তেন্তে ঋণগ্ৰহীতাই ঋণদাতাৰ ওচৰত কোনো বস্তু বন্ধকত ৰাখিলেই যথেষ্ট হব। এই বস্তুটো জামানত হিচাপে তাৰ ওচৰত থাকিব, যেতিয়ালৈকে সি ঋণ পৰিশোধ নকৰিব। যদি পৰস্পৰৰ ওপৰত ভৰসা থাকে তেন্তে লিখাটো বাধ্যতামূলক নহয়, এনে পৰিস্থিত সাক্ষীৰো প্ৰয়োজন নাই আৰু বন্ধকত থোৱাৰো দৰকাৰ নাই। এনে কৰিলে ঋণগ্ৰহীতা ওপৰত ঋণ এটা আমানত স্বৰূপে থাকিব, যিটো আদায় কৰা জৰুৰী হব। লগতে সি এই আমানত সম্পৰ্কে আল্লাহক ভয় কৰা উচিত আৰু এই সম্পৰ্কীয় কোনো কথা অস্বীকাৰ কৰা অনুচিত। যদি সি অস্বীকাৰ কৰে তেন্তে সাক্ষীয়ে ন্যায় সাক্ষ্য দিয়া উচিত। সাক্ষ্য গোপন কৰা বৈধ নহয়। যদি কোনোবাই সাক্ষ্য গোপন কৰে তেন্তে তাৰ অন্তৰ পাপিষ্ঠ। জানি থোৱা! তোমালোকে যি কৰা আল্লাহ সেই সম্পৰ্কে সম্যক অৱগত, তেওঁৰ পৰা কোনো বস্তু গোপন নহয়। আৰু তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক