ছূৰা 2 · জুজ 3

Ayat ad-Dayn · Al-Baqarah 2:282

يَا أَيُّهَا الَّذِينَ آمَنُوا إِذَا تَدَايَنْتُمْ بِدَيْنٍ إِلَىٰ أَجَلٍ مُسَمًّى فَاكْتُبُوهُ ۚ وَلْيَكْتُبْ بَيْنَكُمْ كَاتِبٌ بِالْعَدْلِ ۚ وَلَا يَأْبَ كَاتِبٌ أَنْ يَكْتُبَ كَمَا عَلَّمَهُ اللَّهُ ۚ فَلْيَكْتُبْ وَلْيُمْلِلِ الَّذِي عَلَيْهِ الْحَقُّ وَلْيَتَّقِ اللَّهَ رَبَّهُ وَلَا يَبْخَسْ مِنْهُ شَيْئًا ۚ فَإِنْ كَانَ الَّذِي عَلَيْهِ الْحَقُّ سَفِيهًا أَوْ ضَعِيفًا أَوْ لَا يَسْتَطِيعُ أَنْ يُمِلَّ هُوَ فَلْيُمْلِلْ وَلِيُّهُ بِالْعَدْلِ ۚ وَاسْتَشْهِدُوا شَهِيدَيْنِ مِنْ رِجَالِكُمْ ۖ فَإِنْ لَمْ يَكُونَا رَجُلَيْنِ فَرَجُلٌ وَامْرَأَتَانِ مِمَّنْ تَرْضَوْنَ مِنَ الشُّهَدَاءِ أَنْ تَضِلَّ إِحْدَاهُمَا فَتُذَكِّرَ إِحْدَاهُمَا الْأُخْرَىٰ ۚ وَلَا يَأْبَ الشُّهَدَاءُ إِذَا مَا دُعُوا ۚ وَلَا تَسْأَمُوا أَنْ تَكْتُبُوهُ صَغِيرًا أَوْ كَبِيرًا إِلَىٰ أَجَلِهِ ۚ ذَٰلِكُمْ أَقْسَطُ عِنْدَ اللَّهِ وَأَقْوَمُ لِلشَّهَادَةِ وَأَدْنَىٰ أَلَّا تَرْتَابُوا ۖ إِلَّا أَنْ تَكُونَ تِجَارَةً حَاضِرَةً تُدِيرُونَهَا بَيْنَكُمْ فَلَيْسَ عَلَيْكُمْ جُنَاحٌ أَلَّا تَكْتُبُوهَا ۗ وَأَشْهِدُوا إِذَا تَبَايَعْتُمْ ۚ وَلَا يُضَارَّ كَاتِبٌ وَلَا شَهِيدٌ ۚ وَإِنْ تَفْعَلُوا فَإِنَّهُ فُسُوقٌ بِكُمْ ۗ وَاتَّقُوا اللَّهَ ۖ وَيُعَلِّمُكُمُ اللَّهُ ۗ وَاللَّهُ بِكُلِّ شَيْءٍ عَلِيمٌ

হে মুমিনসকল! তোমালোকে যেতিয়া এজনে আনজনৰ লগত নিৰ্ধাৰিত সময়ৰ বাবে ঋণ আদান-প্ৰদান কৰিবা তেতিয়া সেইটো লিখি ৰাখিবা; তোমালোকৰ মাজত কোনো লেখকে যাতে সেইটো ন্যায়ভাৱে লিখি দিয়ে; আৰু কোনো লেখকে যেন লিখিবলৈ অস্বীকাৰ নকৰে, যেনেকৈ আল্লাহে তাক শিক্ষা দিছে। এতেকে সি যেন লিখে; আৰু যি ব্যক্তিৰ ওপৰত হক আছে (ঋণগ্ৰহীতা) সি যেন লিখাৰ বিষয়বস্তু কৈ দিয়ে আৰু সি যেন তেওঁৰ প্ৰতিপালক আল্লাহৰ তাক্বৱা অৱলম্বন কৰে; আৰু তাৰ পৰা একো যাতে হ্ৰাস নকৰে (ব্যতিক্ৰম নকৰে)। তাৰ পিছত যাৰ ওপৰত হক আছে (ঋণগ্ৰহীতা) যদি নিৰ্বোধ বা দুৰ্বল হয় অথবা লিখাৰ বিষয়বস্তু সি কৈ দিব নোৱাৰে তেন্তে তাৰ অভিভাৱকে যেন ন্যায়ভাৱে লিখাৰ বিষয়বস্তু কৈ দিয়ে; আৰু তোমালোকে তোমালোকৰ মাজৰ দুজন পুৰুষক সাক্ষী থোৱা, এতেকে যদি দুজন পুৰুষ নাথাকে তেন্তে এজন পুৰুষ আৰু দুজনী নাৰীক সাক্ষী থোৱা যিসকলক তোমালোকে সাক্ষী হিচাপে পছন্দ কৰা, যাতে নাৰীসকলৰ মাজৰ কোনোবাই পাহৰি গ'লে এজনীয়ে আনজনীক স্মৰণ কৰাই দিব পাৰে; আৰু সাক্ষীসকলক যেতিয়া মাতা হ'ব তেতিয়া সিহঁতে যেন অস্বীকাৰ নকৰে; আৰু সেইটো (ঋণ আদান-প্ৰদান) সৰু ডাঙৰ যিটোৱেই হওক, নিৰ্ধাৰিত সময় লিখিবলৈ তোমালোকে কোনো ধৰণৰ বিৰক্ত নহ'বা। এইটোৱেই আল্লাহৰ ওচৰত ন্যায় আৰু সাক্ষ্যদানৰ বাবে দৃঢ়তৰ আৰু তোমালোকৰ মাজত সন্দেহ স্থান নোপোৱাৰ বাবে অধিক উপযুক্ত। কিন্তু তোমালোকে পৰস্পৰে যি নগদ ব্যৱসায় পৰিচালনা কৰা সেইটো তোমালোকে নিলিখিলেও কোনো দোষ নাই, আৰু তোমালোকে যেতিয়া পৰস্পৰে বেচা-কিনা কৰা তেতিয়া সাক্ষী ৰাখিবা; আৰু কোনো লেখক আৰু সাক্ষীক ক্ষতিগ্ৰস্ত কৰা নহ’ব, আৰু যদি তোমালোকে ক্ষতিগ্ৰস্ত কৰা তেন্তে এইটো হ'ব তোমালোকৰ লগত অনাচাৰ। তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু আল্লাহে তোমালোকক শিক্ষা দিব আৰু আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।

তাফছীৰ

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! যেতিয়া তোমালোকে নিৰ্ধাৰিত সময়ৰ বাবে পৰস্পৰে ঋণ লেনদেন কৰিবা, তেতিয়া সেই ঋণ লিখি ৰাখিবা। আৰু তোমালোকৰ মাজত কোনোবা লিখকে, চৰীয়ত অনুসাৰে, সততা আৰু ন্যায়ভাৱে লিখি দিয়া উচিত। আল্লাহে যিদৰে তাক ন্যায়ভাৱে লিখিবলৈ শিকাইছে সেইদৰে লিখিবলৈ অস্বীকাৰ কৰিব নালাগে। ঋণগ্ৰহীতাই যিদৰে লিখিবলৈ কয় সেইদৰে লিখা উচিত। যাতে এয়া ঋণগ্ৰহীতাৰ ফালৰ পৰা স্বীকৃতিনামা হৈ থাকে। ঋণগ্ৰহীতাই আল্লাহক ভয় কৰা উচিত লগতে ঋণৰ পৰিমাণ, প্ৰকাৰ আৰু ধৰণ লিখাওঁতে হ্ৰাস কৰিব নালাগে। যদি ঋণগ্ৰহীতা সক্ষম নহয়, শৈশৱ বা উন্মাদ হোৱাৰ কাৰণে যদি কৰ্তব্য পালনত ব্যৰ্থ হয় অথবা বোবা হোৱাৰ কাৰণে মুখেৰে কৈ লিখাবলৈ সক্ষম নহয় তেন্তে এইবোৰ অৱস্থাত তাৰ ফালৰ পৰা এজন সংৰক্ষকে সততা আৰু ন্যায়ৰ সৈতে লিখোৱাব। লগতে দুজন বুদ্ধিমান নিৰপেক্ষ আৰু নিৰ্ভৰযোগ্য ব্যক্তিক সাক্ষী বনোৱা। যদি দুজন পুৰুষ পোৱা নাযায় তেন্তে এজন পুৰুষ আৰু দুজনী মহিলা হলেই যথেষ্ট হব, এনেকুৱা ব্যক্তি যাৰ দ্বীনদাৰী আৰু সততা সম্পৰ্কে তোমালোক সন্তুষ্ট। (দুজনী মহিলা হোৱাৰ কাৰণ হৈছে) যদি এজনীয়ে পাহৰি যায়, আনজনীয়ে স্মৰণ কৰাই দিব। আৰু সাক্ষীসকলৰ ওচৰত যেতিয়া সাক্ষ্য বিচৰা হব তেতিয়া যেন সিহঁতে পিছুৱাই নাযায়। সিহঁতক সাক্ষ্য দিয়াৰ বাবে মাতিলে সিহঁতে যেন উপস্থিত হয়। আৰু নিৰ্ধাৰিত সময়ৰ বাবে লোৱা ঋণৰ লেনদেন কম হওঁক বা বেছি, লিখোঁতে যাতে কোনেও সংকোচবোধ নকৰে। কিয়নো ঋণৰ তথ্যপাতি লিখি ৰখাটো আল্লাহৰ চৰীয়ত মতে অধিক ন্যায়সংগত, সাক্ষ্য প্ৰতিষ্ঠা কৰাত আৰু ঋণ আদায়ত সহায়ক লগতে ঋণৰ পৰিমাণ, ইয়াৰ ধৰণ আৰু ইয়াৰ নিৰ্ধাৰিত সময় সম্পৰ্কীয় সকলো প্ৰকাৰ সন্দেহ দূৰ কৰাত অধিক ফলপ্ৰসূ। হয়, সেই সময়ত লিখাৰ কোনো প্ৰয়োজন নাই যেতিয়া নগদ লেনদেন কৰা হয়। সেয়ে এইটো নিলিখিলেও কোনো গুনাহ নহয়। দৰাচলতে সাক্ষ্য প্ৰদানৰ নিয়ম এই কাৰণে বনোৱা হৈছে যাতে বিবাদৰ কাৰণসমূহ সমাপ্ত কৰা যায়। লগতে এই স্পষ্ট থাকে যে, লিখক আৰু সাক্ষীক ক্ষতিসাধন কৰা কেতিয়াও বৈধ নহয়। এইদৰে সেই ব্যক্তিকো ক্ষতি কৰা বৈধ নহয় যিয়ে লিখিবলৈ বা সাক্ষ্য দিবলৈ নিবেদন কৰে। যদি সিহঁতক ক্ষতি কৰা হয় তেন্তে সি আল্লাহৰ আনুগত্যৰ পৰা আঁতৰি অবাধ্যতাৰ অন্তৰ্ভুক্ত হব। হে ঈমান্দাৰসকল! আল্লাহক ভয় কৰা, তেওঁৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তু পৰিত্যাগ কৰা। আল্লাহে তোমালোকক সেইসমূহ কথাৰ শিক্ষা দিয়ে যিবোৰ পৃথিৱী আৰু আখিৰাতত তোমালোকৰ বাবে কল্যাণকৰ। আৰু আল্লাহ সকলো বস্তু সম্পৰ্কে সম্যক অৱগত, সেয়ে কোনো বস্তু তেওঁৰ পৰা গোপন নহয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক