ছূৰা 2 · জুজ 3
Al-Baqarah · 2:281
وَاتَّقُوا يَوْمًا تُرْجَعُونَ فِيهِ إِلَى اللَّهِ ۖ ثُمَّ تُوَفَّىٰ كُلُّ نَفْسٍ مَا كَسَبَتْ وَهُمْ لَا يُظْلَمُونَ
আৰু তোমালোকে সেই দিনৰ তাক্বৱা অৱলম্বন কৰা যিদিনা তোমালোকক আল্লাহৰ পিনে উভতাই লোৱা হ'ব। তাৰ পিছত প্ৰত্যেক ব্যক্তিক সি যি উপাৰ্জন কৰিছে, সেয়া পৰিপূৰ্ণভাৱে প্ৰদান কৰা হ’ব আৰু সিহঁতক অন্যায় কৰা নহ’ব।
তাফছীৰ
সেই দিনাৰ শাস্তিক ভয় কৰা যিদিনা তোমালোকক আল্লাহৰ পিনে উভতাই নিয়া হ'ব আৰু তেওঁৰ সন্মুখত থিয় হ'বা। তেতিয়া প্ৰত্যেককে নিজৰ ভাল অথবা বেয়া কৰ্মৰ প্ৰতিদান দিয়া হ'ব। সেই ছোৱাব হ্ৰাস কৰি অথবা অধিক শাস্তিৰে কাকো অত্যাচাৰ কৰা নহ'ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক