ছূৰা 2 · জুজ 3

Al-Baqarah · 2:284

لِلَّهِ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ ۗ وَإِنْ تُبْدُوا مَا فِي أَنْفُسِكُمْ أَوْ تُخْفُوهُ يُحَاسِبْكُمْ بِهِ اللَّهُ ۖ فَيَغْفِرُ لِمَنْ يَشَاءُ وَيُعَذِّبُ مَنْ يَشَاءُ ۗ وَاللَّهُ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ

আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলোবোৰ আল্লাহৰ বাবেই। তোমালোকৰ মনত যি আছে সেয়া প্ৰকাশ কৰা বা গোপন কৰা, আল্লাহে সেইবোৰৰ হিচাব তোমালোকৰ পৰা লব। তাৰ পিছত যাক ইচ্ছা তেওঁ তাক ক্ষমা কৰিব আৰু যাক ইচ্ছা তাক তেওঁ শাস্তি দিব; আৰু আল্লাহ সকলো বস্তুৰ ওপৰত পূৰ্ণ ক্ষমতাবান।

তাফছীৰ

আকাশমণ্ডল আৰু পৃথিৱীত যি আছে, সেই সকলোৰে সৃষ্টিকৰ্তা, মালিক আৰু নিয়ন্ত্ৰণকাৰী একমাত্ৰ আল্লাহ তাআলাহ। তোমালোকে অন্তৰৰ কথা ব্যক্ত কৰা অথবা নকৰা সেয়া আল্লাহে জানে আৰু সেই বিষয়ে আল্লাহে তোমালোকৰ পৰা হিচাপ গ্ৰহণ কৰিব। তাৰ পিছত আল্লাহে যাক ইচ্ছা কৰিব নিজ দয়া আৰু কৃপাত ক্ষমা কৰি দিব আৰু যাক ইচ্ছা কৰিব ন্যায় আৰু হিকমতেৰে শাস্তি প্ৰদান কৰিব। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক