ছূৰা 2 · জুজ 1
Al-Baqarah · 2:28
كَيْفَ تَكْفُرُونَ بِاللَّهِ وَكُنْتُمْ أَمْوَاتًا فَأَحْيَاكُمْ ۖ ثُمَّ يُمِيتُكُمْ ثُمَّ يُحْيِيكُمْ ثُمَّ إِلَيْهِ تُرْجَعُونَ
তোমালোকে কেনেকৈ আল্লাহৰ লগত কুফৰী কৰা? অথচ তোমালোকে প্ৰাণহীন আছিলা। তাৰ পিছত তেৱেঁই তোমালোকক জীৱিত কৰিছে আকৌ তেৱেঁই তোমালোকৰ মৃত্যু ঘটাব তাৰ পিছত পুনৰ জীৱিত কৰিব আৰু তাৰ পিছত তোমালোকক তেওঁৰ ওচৰলৈ উভতাই নিয়া হ’ব।
তাফছীৰ
হে কাফিৰসকল! তোমালোকৰ বিষয়টো বৰ বিচিত্ৰ। তোমালোকে কেনেকৈ আল্লাহক অস্বীকাৰ কৰা, অথচ তোমালোকে তেওঁৰ ক্ষমতাৰ নিদৰ্শনসমূহ তোমালোকৰ নিজৰ ভিতৰতেই দেখিবলৈ পোৱা। নিশ্চয় তোমালোকে একোৱেই নাছিলা, তেৱেঁই তোমালোকক সৃষ্টি কৰিলে, তোমালোকক জীৱন দান কৰিলে, তাৰ পিছত তোমালোকক দ্বিতীয় মৃত্যু প্ৰদান কৰিব, তাৰ পিছত জীৱন দান কৰিব। অৱশেষত তোমালোকক তেওঁৰ পিনে ওভোতাই নিয়া হব তোমালোকৰ আমলৰ হিচাপ-নিকাচ কৰাৰ উদ্দেশ্যে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক