ছূৰা 2 · জুজ 1
Al-Baqarah · 2:27
الَّذِينَ يَنْقُضُونَ عَهْدَ اللَّهِ مِنْ بَعْدِ مِيثَاقِهِ وَيَقْطَعُونَ مَا أَمَرَ اللَّهُ بِهِ أَنْ يُوصَلَ وَيُفْسِدُونَ فِي الْأَرْضِ ۚ أُولَٰئِكَ هُمُ الْخَاسِرُونَ
যিসকলে আল্লাহৰ লগত দৃঢ় অঙ্গীকাৰত আৱদ্ধ হোৱাৰ পিছত সেইটো ভঙ্গ কৰে, আল্লাহে যি সম্পৰ্ক অটুট ৰাখিবলৈ নিৰ্দেশ দিছে সেইটো বিচ্ছিন্ন কৰে আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি ফুৰে, সিহঁতেই ক্ষতিগ্ৰস্থ।
তাফছীৰ
যিসকলে এক আল্লাহৰ ইবাদত আৰু তেওঁৰ ৰাছুলৰ অনুসৰণৰ সেই অঙ্গীকাৰ ভঙ্গ কৰে, যিটো সিহঁতে আল্লাহৰ লগত কৰিছিল আৰু যি বিষয়ে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পূৰ্বৱৰ্তী সকলো নবীয়ে সংবাদ দিছিল। সিহঁতেই আত্মীয়তাৰ বন্ধন বিচ্ছিন্ন কৰে যিবোৰৰ লগত সুসম্পৰ্ক গঢ়িবলৈ আল্লাহে নিৰ্দেশ দিছে। আৰু এইসকল লোকে পাপ কৰ্মৰ দ্বাৰা পৃথিৱীত উপদ্ৰৱ কৰি ফুৰে। এই ধৰণৰ মানুহেই হৈছে পৃথিৱী আৰু আখিৰাতত দুৰ্ভগীয়া।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক