ছূৰা 2 · জুজ 1
Al-Baqarah · 2:29
هُوَ الَّذِي خَلَقَ لَكُمْ مَا فِي الْأَرْضِ جَمِيعًا ثُمَّ اسْتَوَىٰ إِلَى السَّمَاءِ فَسَوَّاهُنَّ سَبْعَ سَمَاوَاتٍ ۚ وَهُوَ بِكُلِّ شَيْءٍ عَلِيمٌ
তেওঁ পৃথিৱীৰ সকলো বস্তু তোমালোকৰ বাবেই সৃষ্টি কৰিছে। তাৰ পিছত তেওঁ আকাশৰ পিনে মনোনিবেশ কৰি সেইটোক সাতখন আকাশত বিন্যস্ত কৰিছে; আৰু তেওঁ সকলো বস্তু সম্পৰ্কে সবিশেষ অৱগত।
তাফছীৰ
আল্লাহে অকলেই তোমালোকৰ বাবে পৃথিৱীৰ সকলো বস্তু সৃষ্টি কৰিছে, যেনে- নদীসমূহ, গছ-গছনি, বৃক্ষ আদি আৰু অসংখ্য বস্তু। যিবোৰৰ দ্বাৰা তোমালোকে উপকৃত হোৱা। তাৰ পিছত তেওঁ আকাশ সৃষ্টিৰ পিনে মনোনিবেশ কৰিলে আৰু সমান সাতখন আকাশ সৃষ্টি কৰিলে। তেওঁৰ জ্ঞানে সকলো বস্তুক পৰিবেষ্টন কৰি আছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক