ছূৰা 2 · জুজ 3
Al-Baqarah · 2:273
لِلْفُقَرَاءِ الَّذِينَ أُحْصِرُوا فِي سَبِيلِ اللَّهِ لَا يَسْتَطِيعُونَ ضَرْبًا فِي الْأَرْضِ يَحْسَبُهُمُ الْجَاهِلُ أَغْنِيَاءَ مِنَ التَّعَفُّفِ تَعْرِفُهُمْ بِسِيمَاهُمْ لَا يَسْأَلُونَ النَّاسَ إِلْحَافًا ۗ وَمَا تُنْفِقُوا مِنْ خَيْرٍ فَإِنَّ اللَّهَ بِهِ عَلِيمٌ
(ছাদাকা) সেইসকল অভাৱগ্ৰস্থ লোকৰ প্ৰাপ্য যিসকলে আল্লাহৰ পথত এনেকৈ ব্যাপৃত যে, পৃথিৱীত চলা ফুৰা কৰিব নোৱাৰে; আত্মসন্মানবোধত খুজি নোখোৱাৰ বাবে অজ্ঞ লোকসকলে সিহঁতক অভাৱমুক্ত বুলি ভাৱে; তুমি সিহঁতৰ লক্ষণ দেখিয়ে চিনিব পাৰিবা। সিহঁতে মানুহৰ ওচৰত হেচা মাৰি ধৰি খুজি নুফুৰে; আৰু যি ধন-সম্পদ তোমালোকে ব্যয় কৰা, নিশ্চয় আল্লাহ সেই বিষয়ে সবিশেষ জানে।
তাফছীৰ
দান সেইসকল দুখীয়াক কৰা, যিসকলে আল্লাহৰ পথত যুদ্ধৰ কাৰণে জীৱিকা উপাৰ্জনৰ বাবে যাত্ৰা কৰিব নোৱাৰে। সিহঁতৰ অৱস্থা সম্পৰ্কে অজানা ব্যক্তিয়ে সিহঁতক ধনী বুলি ভাৱে, কাৰণ সিহঁতে মানুহৰ ওচৰত মাগি নুফুৰে। আনহাতে জনা ব্যক্তিয়ে সিহঁতৰ লক্ষণ দেখিয়ে চিনি পায়, কিয়নো সিহঁতৰ শৰীৰ আৰু পৰিধানত অভাৱৰ চিহ্ন প্ৰকাশ পায়। সিহঁতৰ আৰু এটা চিহ্ন এই যে, সিহঁতে আন আন মগনীয়াৰ দৰে হেচাঁ মাৰি ধৰি মাগি নুফুৰে। এতেকে তোমালোকে যি ব্যয় কৰা নিশ্চয় আল্লাহ সেই সম্পৰ্কে সম্যক অৱগত। আৰু তোমালোকক ইয়াৰ উত্তম প্ৰতিদান দিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক