ছূৰা 2 · জুজ 3

Al-Baqarah · 2:274

الَّذِينَ يُنْفِقُونَ أَمْوَالَهُمْ بِاللَّيْلِ وَالنَّهَارِ سِرًّا وَعَلَانِيَةً فَلَهُمْ أَجْرُهُمْ عِنْدَ رَبِّهِمْ وَلَا خَوْفٌ عَلَيْهِمْ وَلَا هُمْ يَحْزَنُونَ

যিসকলে নিজৰ ধন-সম্পদ ৰাতি আৰু দিনত, গোপনে আৰু প্ৰকাশ্যভাৱে ব্যয় কৰে সিহঁতৰ প্ৰতিদান সিহঁতৰ প্ৰতিপালকৰ ওচৰত আছে; আৰু সিহঁতৰ কোনো ভয় নাই আৰু সিহঁত চিন্তিতও নহ’ব।

তাফছীৰ

আৰু যিসকলে নিজৰ ধন দিনে-ৰাতি, প্ৰকাশ্য অপ্ৰকাশ্য কেৱল আল্লাহৰ সন্তুষ্টি অৰ্জনৰ বাবে ব্যয় কৰে, মানুহক দেখুৱাবলৈ বা প্ৰচাৰ কৰাৰ উদ্দেশ্যে ব্যয় নকৰে। তেওঁলোকে কিয়ামতৰ দিনা ইয়াৰ প্ৰতিদান নিজ প্ৰতিপালকৰ ওচৰত পাব। ভৱিষ্যতৰ কোনো ভয় তেওঁলোকৰ নাথাকিব আৰু পৃথিৱীত এৰি থৈ যোৱা বস্তুৰো কোনো চিন্তা নাথাকিব। এই সকলো পুৰষ্কাৰ আল্লাহৰ তৰফৰ পৰা নিয়ামত আৰু অনুগ্ৰহৰূপে লাভ কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক