ছূৰা 2 · জুজ 3

Al-Baqarah · 2:272

۞ لَيْسَ عَلَيْكَ هُدَاهُمْ وَلَٰكِنَّ اللَّهَ يَهْدِي مَنْ يَشَاءُ ۗ وَمَا تُنْفِقُوا مِنْ خَيْرٍ فَلِأَنْفُسِكُمْ ۚ وَمَا تُنْفِقُونَ إِلَّا ابْتِغَاءَ وَجْهِ اللَّهِ ۚ وَمَا تُنْفِقُوا مِنْ خَيْرٍ يُوَفَّ إِلَيْكُمْ وَأَنْتُمْ لَا تُظْلَمُونَ

সিহঁতক হিদায়ত প্ৰদানৰ দায়িত্ব তোমাৰ নহয়; বৰং আল্লাহে যাক ইচ্ছা হিদায়ত দিয়ে; আৰু যি ধন-সম্পদ তোমালোকে ব্যয় কৰা সেয়া কেৱল তোমালোকৰ নিজৰ বাবে আৰু তোমালোকে কেৱল আল্লাহৰ বাবেই (তেওঁৰ সন্তুষ্টি অৰ্জনৰ বাবেই) ব্যয় কৰা; আৰু তোমালোকে উত্তম কোনো বস্তু ব্যয় কৰিলে তাৰ পুৰষ্কাৰ তোমালোকক পৰিপূৰ্ণভাৱে প্ৰদান কৰা হব আৰু তোমালোকৰ প্ৰতি অন্যায় কৰা নহ’ব।

তাফছীৰ

হে নবী! এনেকুৱা হিদায়ত দিয়া আপোনাৰ কৰ্তব্য নহয় যাৰ দ্বাৰা সিহঁতে সত্য গ্ৰহণ কৰিব, নত স্বীকাৰ কৰিব বা সিহঁতে ইয়াৰ দ্বাৰা প্ৰেৰণা পাব। বৰং আপোনাৰ কৰ্তব্য হৈছে, সত্যৰ পথ দেখুৱা আৰু সেই পথৰ পৰিচয় দিয়া। কিয়নো সত্যৰ হিদায়ত আৰু ইয়াৰ তাওফীক কেৱল আল্লাহৰ হাতত। তেওঁ যাক ইচ্ছা কৰে হিদায়ত দিয়ে। তথা তোমালোকে যি ব্যয় কৰা, ইয়াৰ প্ৰতিদান তোমালোকেই লাভ কৰিবা। কিয়নো আল্লাহ ইয়াৰ পৰা অমুখাপেক্ষী। এতেকে তোমালোকৰ ব্যয় কেৱল আল্লাহৰ বাবেই হোৱা উচিত। কিয়নো প্ৰকৃত মুমিন ব্যক্তিয়ে কেৱল আল্লাহৰ সন্তুষ্টি লাভৰ বাবেহে ব্যয় কৰে। তোমালোকে যি ব্যয় কৰা, তাৰ মাত্ৰা কম হওঁক বা অধিক, তোমালোকক ইয়াৰ পৰিপূৰ্ণ প্ৰতিদান দিয়া হব আৰু তাত অলপো হ্ৰাস কৰা নহ'ব। জানি থোৱা! আল্লাহে কাৰো ওপৰত অন্যায় নকৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক