ছূৰা 2 · জুজ 3
Al-Baqarah · 2:271
إِنْ تُبْدُوا الصَّدَقَاتِ فَنِعِمَّا هِيَ ۖ وَإِنْ تُخْفُوهَا وَتُؤْتُوهَا الْفُقَرَاءَ فَهُوَ خَيْرٌ لَكُمْ ۚ وَيُكَفِّرُ عَنْكُمْ مِنْ سَيِّئَاتِكُمْ ۗ وَاللَّهُ بِمَا تَعْمَلُونَ خَبِيرٌ
তোমালোকে যদি প্ৰকাশ্যভাৱে চাদাকা কৰা তেন্তে এয়া ভাল; আৰু যদি গোপনে কৰা আৰু অভাৱগ্ৰস্থক প্ৰদান কৰা তেন্তে এয়া তোমালোকৰ বাবে আৰু ভাল; আৰু (ইয়াৰ ফলত) তেওঁ তোমালোকৰ বাবে কিছু পৰিমাণ পাপ মোচন কৰিব; আৰু তোমালোকে যি আমল কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱহিত।
তাফছীৰ
তোমালোকে যি দান কৰা সেয়া যদি প্ৰকাশ্যভাৱে কৰা তথাপিও ভাল, কিন্তু যদি গোপনে দুখীয়াক দান কৰা তেন্তে এয়া প্ৰকাশ্য দান কৰাতকৈ অধিক উত্তম। কিয়নো এইটো পৱিত্ৰতা আৰু নিষ্ঠাৰ অধিক অনুকূল। তথা দানৰ পৰিবৰ্তে আল্লাহৰ তৰফৰ পৰা নিষ্ঠাৱানৰ পাপসমূহ গোপন কৰা হয় আৰু ক্ষমা কৰি দিয়া হয়। জানি থোৱা! আল্লাহে তোমালোকৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত। এতেকে তোমালোকৰ কোনো অৱস্থা তেওঁৰ পৰা গোপন নহয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক