ছূৰা 2 · জুজ 3
Al-Baqarah · 2:268
الشَّيْطَانُ يَعِدُكُمُ الْفَقْرَ وَيَأْمُرُكُمْ بِالْفَحْشَاءِ ۖ وَاللَّهُ يَعِدُكُمْ مَغْفِرَةً مِنْهُ وَفَضْلًا ۗ وَاللَّهُ وَاسِعٌ عَلِيمٌ
চয়তানে তোমালোকক দৰিদ্ৰতাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু অশ্লিলতাৰ নিৰ্দেশ দিয়ে কিন্তু আল্লাহে তোমালোকক তেওঁৰ ফালৰ পৰা ক্ষমা আৰু অনুগ্ৰহৰ প্ৰতিশ্ৰুতি দিয়ে; আৰু আল্লাহ সৰ্বব্যাপী-প্ৰাচুৰ্যময়, সৰ্বজ্ঞ।
তাফছীৰ
চয়তানে তোমালোকক অভাৱ অনাটনৰ ভয় দেখুৱায়, কৃপণতাৰ নিৰ্দেশ দিয়ে আৰু পাপ কৰ্মৰ পিনে আহ্বান কৰে। আনহাতে আল্লাহে তোমালোকক তোমালোকৰ গুনাহ ক্ষমা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে লগতে ব্যপক জীৱিকাৰ বচন দিয়ে। আল্লাহ বিশাল অনুগ্ৰহশীল আৰু বান্দাৰ অৱস্থা সম্পৰ্কে সম্যক অৱগত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক