ছূৰা 2 · জুজ 3

Al-Baqarah · 2:267

يَا أَيُّهَا الَّذِينَ آمَنُوا أَنْفِقُوا مِنْ طَيِّبَاتِ مَا كَسَبْتُمْ وَمِمَّا أَخْرَجْنَا لَكُمْ مِنَ الْأَرْضِ ۖ وَلَا تَيَمَّمُوا الْخَبِيثَ مِنْهُ تُنْفِقُونَ وَلَسْتُمْ بِآخِذِيهِ إِلَّا أَنْ تُغْمِضُوا فِيهِ ۚ وَاعْلَمُوا أَنَّ اللَّهَ غَنِيٌّ حَمِيدٌ

হে ঈমান্দাৰসকল! তোমালোকে যি উপাৰ্জন কৰা আৰু আমি মাটিৰ পৰা তোমালোকৰ বাবে যি উৎপাদন কৰো তাৰ পৰা যিটো উৎকৃষ্ট সেয়া ব্যয় কৰা; আৰু নিকৃষ্ট বস্তু ব্যয় কৰাৰ সংকল্প নকৰিবা, অথচ তোমালোকে নিজেই এনে বস্তু চকু বন্ধ নকৰা লৈকে গ্ৰহণ নকৰা। জানি থোৱা, নিশ্চয় আল্লাহ অভাৱমুক্ত, সপ্ৰশংসিত।

তাফছীৰ

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰী সকল! নিজে উপাৰ্জন কৰা পৱিত্ৰ হালাল সম্পদৰ পৰা ব্যয় কৰা লগতে ব্যয় কৰা খেতিৰ পৰা উত্পাদিত ফচলৰ এটা অংশ, যিটো আমি তোমালোকৰ বাবে উত্পন্ন কৰিছো। আৰু এনেকুৱা পেলনীয়া বস্তু ব্যয় কৰাৰ সংকল্প নকৰিবা যিটো তোমালোকক দিলে তোমালোকে নিজেই গ্ৰহণ নকৰিবা, হয়তো বাধ্যত পৰি গ্ৰহণ কৰিব পাৰা। এতেকে যিটো তোমালোকে নিজৰ বাবে পছন্দ নকৰা সেইটো আল্লাহৰ বাবে কিয়? নিৰ্বাচন কৰা জানি থোৱা! আল্লাহ তোমালোকৰ ব্যয়ৰ পৰা অমুখাপেক্ষী আৰু তেওঁৰ সত্ত্বা তথা তেওঁৰ কৰ্ম প্ৰশংসনীয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক